(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -
১) আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল?
উত্তৰ : উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ।
২) ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ হৈছিল ?
উত্তৰ : ভাৰতত শিক্ষা শেষ কৰি আনন্দ ৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ।
৩) আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰ : মহাবীৰ চৰিত্রত।
৪) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰ : আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিত জন হ'ল – জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰ।
৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰ : আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম।
(খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)
১) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুক ৰণ কৰিবলগীয়া ?
উত্তৰ : আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, স্বদেশপ্রেম, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা, একাগ্রতা, কর্মদক্ষতা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া।
২) আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ?
উত্তৰ : আজিকালি বিলাতলৈ অনেক যায়। গতিকে বর্তমান ই একো আচৰিত হোৱা কথা নহয়। কিন্তু, আনন্দ ৰাম বৰুৱাই যি কালত বিলাতলৈ গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। যিসকলে সাত সাগৰ, তেওঁৰ নদী পাৰ হৈ দুৰ্গম পথ অতিক্ৰম কৰাৰ সাহ কৰিব পাৰে, তেনে সাহসিয়ালহে ইউৰোপলৈ গৈছিল। যাওঁতে অশেষ পৰিশ্ৰমৰো আৱশ্যক আছিল। পৰিশ্ৰম নকৰা আৰু সাহ নথকা লোকসকলে ইউৰোপলৈ যাবলৈ সাহস গোটাব পৰা নাছিল। তাৰোপৰি বিলাতলৈ গ'লে নিজৰ জাতি যোৱাৰ ভয় থাকে। অধিকসংখ্যক লোকেই পৰিশ্ৰম নকৰা, সাহসৰ অভাৱী আৰু জাতি যাবলৈ নিবিচৰাৰ বাবেই নিচেই কম ভাৰতৰ মানুহহে সেইসময়ত বিলাতলৈ গৈছিল। জ্ঞানৰ প্ৰতি থকা একান্ত আগ্ৰহৰ বাবে তেওঁলোকে ইউৰোপলৈ যাব পাৰিছিল।
৩) কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ?
উত্তৰ : জগত বিখ্যাত পণ্ডিত হৈয়ো আনন্দৰাম বৰুৱাই দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি সন্তোষ লাভ কৰিছিল।
pdf উত্তৰ কিনিবলৈ (only 20) {getButton} $text={Buy} $icon={link} $color={Blue Colour}
৪) আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল'— বুজাই লিখা।
উত্তৰ : আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তি কম নথকাৰ কথাটো অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাকরে পাঠটিত উদাহৰণৰ সৈতে প্ৰমাণ কৰি দেখুৱাইছে। 'প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহতে আনন্দৰামে এইদৰে পৰিচয় দিছে। তেওঁৰ 'মহাবীৰ চৰিত্ৰ'ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে। এইদৰে য'তে সুবিধা পাইছে তাতে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্ৰেমৰ পৰিচয় দিছে। শ্রদ্ধেয় ভূঞা ডাঙৰীয়াই দিয়া আনন্দ ৰাম বৰুৱা জীৱনীৰ বিৱৰণবোৰৰ পৰা আমি জানিব পাৰো যে তেওঁ সদায় নিজ দেশ আৰু দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। আমিও ক'ব পাৰো যে যি দেশৰ পিতৃ-মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান-পিপাসু আৰু প্ৰকৃত কৰ্মী পুত্ৰৰ জন্ম হব পাৰে সেই দেশৰ নৰ-নাৰী আটাইয়ে শ্রদ্ধা পায়।
৫) কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব ?
উত্তৰ : নৱযুগৰ আৰম্ভণী অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দ ৰাম বৰুৱা সদায় পূজ্য হৈ থাকিব।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১) মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? 'আনন্দৰাম বৰুৱা' পাঠটিৰ আধাৰত বুজাই লিখা। উত্তৰ : উক্ত বাক্যশাৰী উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে আনন্দ ৰাম বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰ কথা ক'বলৈ গৈ মন্তব্য কৰিছে। আনন্দ ৰাম বৰুৱাই অসমৰে এখন সৰু গাৱঁত আন সাধাৰণ অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল বুলি লেখাকৱে কৈছে। কিন্তু, আনন্দৰাম একান্তভাৱে জ্ঞান চর্চা কৰা অসাধাৰণ ব্যক্তি আছিল। ইয়েই তেওঁক বিশেষত্ব। ইয়েই তেওঁ মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ মূল্যৱান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদর্শ | দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওতা ৰূপে আনন্দৰামক সদায় স্মৰণ কৰি আকাৰহীন আনন্দ ৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰখাৰ পোষকতা অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কৰিছে। অধ্যাপক লেখাবৰ মতে প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।
২) একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল ?
উত্তৰ : একাগ্ৰতাৰ গুণতে আনন্দ ৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। একাগ্ৰতাৰ গুণেই আনন্দৰামক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলো জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল'ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওঁত আনন্দ ৰাম যেনে একমনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই অমৰ কোষখনি তেওঁ ল'ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱক মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নোৱাৰে আৰু কোনো বিষয়তে সফল হ'ব। নোৱাৰে। আনন্দ ৰাম বৰুৱা কৰ্মত একনিষ্ঠভাবে লিপ্ত আছিল। তেওঁ একাগ্ৰতাৰে জ্ঞান চৰ্চাৰ অনুৰাগ সাধনাক প্ৰৱলভাৱে অব্যাহত ৰাখিছিল।
৩) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা— 'কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ'।
উত্তৰ : উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্মই ধৰ্ম। উক্ত কথাফাকিৰ দ্বাৰা এই কথাটিকে বুজোৱা হৈছে।
আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। তেওঁ কেতিয়াও কামৰ বাবে প্ৰশংসা বা মান নিবিচাৰিছিল। আনন্দৰাম বকবাৰ কৰ্মময় জীৱনত জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল। অদম্য কৰ্মস্পৃহা আৰু কৰ্মী মনোভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্ৰাতো তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। সেয়ে লেখকে জীৱনৰ আন এটি নাম কৰ্ম বুলি কৈছে আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি উল্লেখ কৰিছে।
৪) আনন্দৰাম বৰুৱাৰ মহৎ আদর্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা।
উত্তৰ : আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি তেওঁৰ স্মৃতিত গ্রন্থাদি ৰচনা কৰি, অনুসন্ধান সমিতি আদিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰো আৰু মহৎ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা দেখুৱাই আমাৰ নিজ মনোবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰো।
৫) প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।
উত্তৰ : অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰৰ মত অনুসৰি আনন্দ ৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক'ব নোৱাৰি। পাশ্চাত্যৰ লোকসকলে প্ৰাচাৰ আনৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল। কিন্তু আনন্দ ৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদৰ্শ কৰি ভাৰততো বহুতে সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে। আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱ ৰবি। আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন নাবী কৰিব পাৰে আনন্দ ৰাম বৰুৱাই যিজনে প্রথমে নৱগৰ আৰণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্রত্যয় জন্মালে তেওঁ হৈছে আনন্দ ৰাম বৰুৱা। আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্রাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।
অতিৰিক্ত প্ৰশ্নোত্তৰ সমূহ পাবলৈ ইয়াত টিপক {getButton} $text={Click} $icon={link} $color={Blue Colour}