শংকৰদেৱৰ বাল্যকাল - চমু প্ৰশ্নোত্তৰ সমূহ

শংকৰদেৱৰ বাল্যকাল - চমু প্ৰশ্নোত্তৰ সমূহ

 {fullWidth}



১। শঙ্কৰদেৱৰ বাল্য়কালৰ কথাখিনি কৰ পৰা লোৱা হৈছে ?

উত্তৰঃ শঙ্কৰদেৱৰ বাল্য়কালৰ কথাখিনি গুৰুচৰিতৰ পৰা লোৱা হৈছে ।


২। কচ্ছপ শব্দৰ অৰ্থ কি ?

উত্তৰঃ কচ্ছপ শব্দৰ অৰ্থ হ'ল কাছ ।


৩। শংকৰদেৱৰ পিতৃ নাম কি ?

উত্তৰঃ শংকৰদেৱৰ পিতৃ নাম হ'ল কুসুম্বৰ শিৰোমণি ভূঞা ।


৪। খগচৰ নগধৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ খগচৰ নগধৰ শব্দৰ অৰ্থ হ'ল পৃথিৱী, পাতাল,বৈকুণ্ঠ,স্বৰ্গ ।


৫। আহোমসকলে অসম অধিকাৰ কৰাৰ পূৰ্বে উজনিৰ উত্তৰ ভাগৰ কেইটা খণ্ড কৰি সেইবোৰৰ একো একোজন অধিপতি হৈছিল ?

উত্তৰঃ বাৰটা খণ্ড কৰি ।


৬। সিধা শব্দৰ অৰ্থ কি ?

উত্তৰঃ ৰান্ধি খাবৰ নিমিত্তে দিয়া কেঁচা খাদ্য়বস্তুসসমূহ ।


৭। কুসুম্বৰ ভূঞা কি ভূঞাৰ বংশধৰ ?

উত্তৰঃ বাৰ ভূঞাৰ বংশধৰ ।


৮। ৰিচ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ৰিচ শব্দৰ অৰ্থ হ'ল ঋক্ মন্ত্ৰ ।


৯। শংকৰদেৱৰ বিৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ হৰিচন্দ্ৰোপাখ্য়ান ।


১০। আওতাই শব্দৰ অৰ্থ কি ?

উত্তৰঃ আওতাই শব্দৰ অৰ্থ হ'ল অঁতাই, প্ৰস্তুত কৰি ।


১১। পাসৰি শব্দৰ অৰ্থ কি ?

উত্তৰঃ পাসৰি শব্দৰ অৰ্থ হ'ল পাহৰি ।


১২। সূৰ্যবৰৰ পত্নী নাম কি ?

উত্তৰঃ সূৰ্যবৰৰ পত্নীৰ নাম হ'ল খেৰশুতি ।


১৩। ছাত্ৰশাল শব্দৰ অৰ্থ কি ? 

উত্তৰঃ পঢ়াশালি ।


১৪। পিহ্ৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃপিহ্ৰা শব্দৰ অৰ্থ হ'ল পীড়া ।


১৫। কুসুমদেউ সম্পূৰ্ণ নামটো কি ?

উত্তৰঃ কুসুমদেউৰ সম্পূৰ্ণ নামটো হৈছে কুসুম্বৰ শিৰোমণি ভূঞা ।


১৬। ছৱাটি শব্দৰ অৰ্থ কি ?

উত্তৰঃ ছৱাটি শব্দৰ অৰ্থ হ'ল ল'ৰাটি ।


১৭। দাবি দি শব্দৰ অৰ্থ কি ?

উত্তৰঃ দাবি দি শব্দৰ অৰ্থ হ'ল ধমক দি ।


১৮। মাৰ্কণ্ডেয় পুৰাণৰ ৭ম আৰু ৮ম অধ্য়ায়ৰ আধাৰত ৰচিত কি গ্ৰন্থত বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছিল ?

উত্তৰঃ হৰিচন্দ্ৰোপাখ্য়ান ।


১৯। বটা শব্দৰ অৰ্থ কি ?

উত্তৰঃ বটা শব্দৰ অৰ্থ হ'ল এবিধ চৰাই ।


২০। বাটি শব্দৰ অৰ্থ কি ?

উত্তৰঃ বাটি শব্দৰ অৰ্থ হ'ল ভগাই দিয়া ।



দিঘলীয়া প্ৰশ্নোত্তৰ সমূহ পাবলৈ ইয়াত টিপক : {getButton} $text={Click} $icon={preview} $color={Blue Colour} 


Post a Comment

Previous Post Next Post

Ads

Photo Ads