Chemical Reactions and Equation || ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 SEBA || CBSE Class 10 Assam By CBCS NOTE

Chemical Reactions and Equation || ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ Class 10 SEBA || CBSE Class 10 Assam By CBCS NOTE




1. ভৰৰ নিত্যতা সূত্ৰ (Law of Conservation of Mass): কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থ মৌলবোৰ মুঠ ভৰ বিক্ৰিয়াৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ্য়।


2. ৰাসায়নিক বিক্ৰিয়া (Chemical Reaction): যি বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ ৰাসায়নিক ভাবে মিলিত হৈ ভিন্ন ৰাসায়নিক ধৰ্ম বিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি হয়, তাক ৰাসায়নিক বিক্ৰিয়া বোলে।


3. ৰাসায়নিক সংকেত (Chemical Formula) : কোনো এটা যৌগৰ গঠনৰ চিহ্নিয় উপস্থাপনৰ ৰাসায়নিক সংকেত বোলা হয়।


4.  বিক্ৰিয়ক পদাৰ্থ (Reactants) : যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে, সেই পদাৰ্থ বোৰকে বিক্ৰিয়ক পদাৰ্থ বোলা হয়।

5. বিক্ৰিয়া জাত পদাৰ্থ (Products): ৰাসায়নিক বিক্ৰিয়া এটাৰ ফলস্বৰূপে গঠিত হোৱা নতুন পদাৰ্থ সমূহক বিক্ৰিয়াজাত পদাৰ্থ বোলে।


Chemical Reaction

*Additional Short Question Answers and formula are provided on Website.

Class Notes & as per as Exercise are available soon.


6. ৰাসায়নিক সমীকৰণ (Chemical Equation): ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰক চিহ্ন বা সংকেটৰ সহায়ত বিক্ৰিয়াটোৰ শব্দ সমীকৰণ উপস্থাপনৰ সংক্ষিপ্ত পদ্ধতিক ৰাসায়নিক সমীকৰণ বোলে।


7. সংযোজন বিক্ৰিয়া (Combination Reaction): যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ যোজিত হৈ নতুন পদাৰ্থৰ সৃষ্টি হয়, তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে।

Example: I) C(s) + O2. (g) -> CO(g)

II) 2H2 (g)  + O2 (g)  ---> 2H2O(l)


8. তাপবৰ্জী বিক্ৰিয়া (Exothermic Chemical Reaction): যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে বা উপৰিও তাপ উদ্ভৱ হয়, সেই বিক্ৰিয়া বোলে তাপবৰ্জী বিক্ৰিয়া বোলে।

Example: I) প্ৰাকৃতিক গেছৰ দহন (Burning of fuel): CH4 + 2O2 --> CO2 + 2H2O

II) শ্বসন (Breathing) : C6H12O6 + 6O2 ---> 6CO2 + 12H2O + Energy 


9. বিযোজন বিক্ৰিয়া (Decomposition): যি ৰাসায়নিক বিক্ৰিয়াত মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিবৰ্তন হ্য়। তেনে বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বোলে।

Example: CaCO3 ---(Heat)--> CaO + CO

For Grammar Click Here {getButton} $text={Click} $icon={preview} $color={Blue Colour} 


বিয়োজন প্ৰক্ৰিয়াৰ তিনি প্ৰকাৰৰ: 

১) তাপীয় বিযোজন

২) বিদ্যুৎ বিশ্লেষণ আৰু

৩) আলোক বিশ্লেষণ 


19. তাপীয় বিযোজন বিক্ৰিয়া ( Thermal Decomposition Reaction ): বিযোজন বিক্ৰিয়া এটা যেতিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, তেতিয়া তাক তাপীয় বিযোজন বিক্ৰিয়া বোলে।

Example: CaCO3 ---(Heat)--> CaO + CO2


11. বিদ্যুৎ বিশ্লেষণ ( Electrolysis ): জলীয় দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰি সংঘটিত কৰা বিযোজন বিক্ৰিয়াক বিদ্যুৎ বিশ্লেষণ বুলি কোৱা হয়।


12. আলোক বিশ্লেষণ ( Photolysis ): পোহৰৰ উপস্থিতত সংঘটিত হোৱা বিযোজন বিক্ৰিয়াক আলোক বিশ্লেষণ বোলে।

Example: 2AgCl ---(sun light)--> 2Ag + Cl2


13. তাপগ্ৰাহী বিক্ৰিয়া ( Endothermal Reaction ): যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ শোষণ হ্য়, তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।


14. অপসৰণ বা প্ৰতিস্থাপক বিক্ৰিয়া ( Displacement Reaction ): যি ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিলে তাক অপসৰণ বা প্ৰতিস্থাপক বিক্ৰিয়া বোলে।

Example: Fe + CuSo4 ----> FeSo4 + Cu


15. অধঃক্ষেপ ( Precipitate ) : এটা ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হোৱা অদ্ৰৱণীয় পদাৰ্থ বোৰকে অধঃক্ষেপ বোলে।


16. দ্বিঅপসৰণ বিক্ৰিয়া : যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ বোৰৰ মাজত আয়ণৰ বিনিময় ঘটে, তেনে বিক্ৰিয়াক দ্বিঅপসৰণ বিক্ৰিয়া বোলে।

Example: NaSo4 + NaClè --> 2NaCl + BaSo4


17. জাৰণ ( Oxidation ): যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন এটা পদাৰ্থই লাভ কৰে তাক জাৰন বোলে।

Example: 2Cu + OW --> 2CuO


18. বিজাৰণ ( Reduction Reaction ): যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন এটা পদাৰ্থই হেৰুৱাই হাইড্ৰজেন লাভ কৰে তাক বিজাৰণ বোলে।

Example: CuO + H2 ---> Cu + H2O


19. Redox Reaction জাৰণ-বিজাৰণ : বি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হয় তেনে বিক্ৰিয়াক জাৰণ-বিজাৰণ বিক্ৰিয়া বোলে।


এছিড, ক্ষাৰক আৰু লৱণ {getButton} $text={Click} $icon={preview} $color={Blue Colour} 



Post a Comment

Previous Post Next Post

Ads

Photo Ads