কি দৰে আপুনি নিজকে সলনি কৰি এটা সম্পৰ্ক ভালকৈ গঢ় দিব পাৰিব

কি দৰে আপুনি নিজকে সলনি কৰি এটা সম্পৰ্ক ভালকৈ গঢ় দিব পাৰিব

 


বৰ্তমান সময়ত আমাৰ দেখিবলৈ পোৱা সম্পৰ্ক বোৰৰ মূল ভূল বোৰ আমি মন নকৰি কেৱল ব্যক্তিগত কেন্দ্ৰীয় হৈ পৰা দেখিবলৈ পাওঁ। ইয়াতে আৰু এটা ভূল হৈ পৰে জীৱনৰ সময় বোৰত নিজ বিবেচনা ত্যাগ কৰি social media ৰ কিছুমান Motivational শব্দ, কাহিনী বৰ্ণনাত ভূল গৈ সেই আদৰ্শ গ্ৰহণ কৰো। ইয়াতে মন কৰিব  আপোনাক সেই motivation গ্ৰহণ কৰাত বাধা প্ৰদান কৰিব খোজা নাই, মাথোঁ এটাই মন কৰিব সময় , কাম, ভূল শুদ্ধ সাপেক্ষে আপুনি সেই সময়ত ব্যৱহৃত বাচ্যৰ প্ৰভাৱ বিস্তাৰ কৰক।


আমি বোৰ এটা সম্পৰ্ক গঢ় দি সেই সম্পৰ্ক স্থায়ী কৰি তুলাত বহুতো সমস্যাৰে পাৰ হৈ আহিব লগা হয়। ইয়াৰ বাবে আমি নিজকে কিছুমান ক্ষেত্ৰত নিজকে শুধৰণি কৰাতো খুবেই প্ৰয়োজন। অৰ্থাৎ আমি বোৰ সেই পৰিস্থিতিৰ ওপৰত চিন্তা ধাৰাৰ সৈতে আমাৰ জীৱনৰ যি ধাৰণা তাক এক ব্যতিক্ৰমী জীৱনশৈলী চিন্তাৰ জৰিয়তে বাস্তৱ ৰূপ দিব লাগিব।


ইয়াতে মন কৰিবলগীয়া যে "আমি ভুল শুদ্ধ বিবেচনা কি দৰে কৰিম? কেনেকৈ জানিম তুমি বা মই শুদ্ধ নে ভুল।"

ইয়াৰ বাবে আমি নিজকে ভাবি চোৱা উচিত, তুমি বা ময়েই এইদৰে সম্পৰ্কৰ সমস্যাত পৰিছো নেকি?🤔 মোৰ দৰে লাখ লাখ বা কোটি কোটি মানুহে এই দৰে ভুগিছে নহয়নে। এই সমস্যাৰ সৈতে থকা সকলোৱেই জানো মোৰ বা তোমাৰ দৰে হতাশাত ভুগিছে? সকলোৱে জানো তোমাৰ/মোৰ দৰে চিন্তা বোৰ কৰিছে? 

এই সমস্যাৰ ভুল শুদ্ধ বিবেচনাৰ বাবে আপুনি আন ১০‌বা ২০ জনৰ জীৱনৰ সেই সমস্যাৰ ওপৰত কি চিন্তা ধাৰা, আৰু তাৰ সমাধানৰ পথ বাচনি কৰে তাক নিজকে তুলনা কৰক। যদিহে আপুনি আপোনাৰ দৰেই উত্তৰ বা সমাধানৰ পথ বাচনি কৰা পৰিলক্ষিত হৈছে তেন্তে আপুনি শুদ্ধ, আৰু যদিহে আন আন ব্যক্তিৰ বাবে ইয়াৰ চিন্তা ধাৰা, সমাধান বেলেগ হ'ল, তেন্তে আপুনি সেই সমস্যাৰ ওপৰত আপোনাৰ চিন্তা ধাৰা আৰু সেই Topic টোৰ ওপৰত আপোনাৰ Information এই আপোনাৰ Opinion, Thinking ভুল কৰি ৰাখিছে। যাৰ বাবে আপুনি সেই সমস্যাৰ ওপৰত নিজকে খাপ খোৱাকৈ নিজকে প্ৰস্তুত কৰিবলৈ অমান্তি হয়।


💡Reminder:
আপোনাৰ উন্নত মানদণ্ডৰ চিন্তাৰ লগত কোনো ধৰণৰ Experience বা Maturity ৰ কোনো প্ৰয়োজন নাই বা হাত নাথাকে। এনে চিন্তাৰ বাবে 
ইয়াত প্ৰয়োজন কেৱল এটা সঠিক, পৰিস্থিতি সাপেক্ষে ব্যৱহাৰ যোগ্য বিবেচনাৰ।



এই সকলো বোৰ আমি বিবেকেৰে লক্ষ্য কৰা উচিত। আমাৰ ভূল ইয়াতে হ্য়। আমি বোৰ কেৱল আমাৰ জীৱনৰ এটা চিন্তাৰ ওপৰত স্থগিত থাকি সকলো ধৰণৰ জীৱনৰ সমস্যাক অধৈৰ্য্য হৈ বিবেচনা কৰোঁ। যাৰ বাবে এটা সমস্যাৰ ওপৰত লোৱা কোনো ধৰণৰ খোজে জীৱনৰ পিছৰ সময়চোৱাত বা তাৰ এক ঋণাত্মক প্ৰভাৱত নিজকে সোমোৱাই পেলাওঁ। 

Every people has lot's of problems on their life style. There are more temporary solution to solve that problem, but remember it, that temporary solution also have a negative effects. Which make us more or less difficult to move on life.



গতিকে , ইয়াৰ বাবে নিজকে Mentally cool and calm ৰাখি বাস্তৱক প্ৰত্যক্ষ কৰি সমস্যাটো লঘু কৈ ল'ব পৰা কৰি লোৱাটো প্ৰয়োজনীয়। য'ত Emotionally নিজকে involve নকৰি নিজৰ চিন্তা ধাৰণাৰ selfishness আতঁৰাই ৰাখি এজন সৱল ব্যক্তিৰ দৰে সমাধান কৰিবলৈ শিকক। য'ত এটা স্থায়ী সমাধান সোমাই থাকে। যাৰ কোনো ধৰণৰ ঋণাত্মক প্ৰভাৱত যাতে প্ৰত্যক্ষ কৰিব লগা নহয়।

ইয়াৰ অৰ্থ এইটো নহয় যে, আপুনি সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈকে সম্পৰ্কৰ সমাপ্তি কৰা, বা আন এক সম্পৰ্কত নিজকে লিপ্ত কৰা। 

   গতিকে, এই লিখনিৰ প্ৰকৃত অৰ্থ আপুনি যদি অনুভৱ কৰিব পাৰিছে, তেতিয়াহলে আপোনাৰ দৃঢ় বিশ্বাস মৰম ভালপোৱাক সঠিক ৰূপ দি আপোনাৰ সমস্যাৰ সমাধানৰ লগতে জীৱনৰ অন্যতম সুখ বিচাৰি পাব। কিয়নো সুখৰ বাবে জীৱন যোজত হাহাকাৰ হৈ পৰিছে। 






Post a Comment

Previous Post Next Post

Ads

Photo Ads