এটি দুটি নহয়, বহুতো সমস্যাৰ সমাধান বিচাৰিব শিকক

এটি দুটি নহয়, বহুতো সমস্যাৰ সমাধান বিচাৰিব শিকক

 সমস্যা কেৱল সমস্যাত পৰিছো, কি কৰোঁ ❓



         জীৱনৰ শেষ সময়লৈকে এই সমস্যা নামৰ চিন্তনীয় ভাৱ কেতিয়াও শেষ হোৱা দেখা নাযায় নহয়নে ! নিজকে সুধি চোৱা "বুজি পোৱা হোৱাৰে পৰা, মনত আশা জাগি উঠা ক্ষণৰে পৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈকে নাই। ইটোৰ পিছত সিটো সমস্যাৰ সমাধান বিচাৰি হাবাথুৰি খাই মৰো।" 


  এতিয়া ভাবি চাওঁ আহা, সমস্যানো কি ? ই কিয় মানুহৰ মন, মগজুৰ লগত ইমানকৈ খেলিবলৈ সুবিধা পাইছে ? 

বিশেষকৈ আমাৰ জীৱনত ঘটি থকা কামবোৰৰ পৰা আমি আশা কৰা লক্ষ্যৰ ব্যৰ্থতা আৰু কোনো এক অজ্ঞাত কাৰণবশতঃ বিমোৰত পৰা বা ঘটি যোৱা কামৰ ফলত দেখা দিয়া এক অজ্ঞাত পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীভূত এক চিন্তা । ইয়াকেই আমি সমস্যা বুলি গণ্য কৰি আহিছোঁ। যাক লৈ আমি হেজাৰ চিন্তাৰ পাকচক্ৰত পৰি জীৱনৰ যিকোনো প্ৰকাৰৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আগবাঢ়ো।


নিজকে মানৱীয় দুৰ্বলতাৰ সুযোগ দি , এটি সেমেকা পথেৰে খোজ দিবলৈ ভৰি মেলো । যাৰ বাবে জীৱনৰ আগন্তুক প্ৰতিটো খোজৰ ব্যৰ্থতা, বা ধীৰ গতিৰ বাবেও সেই ভুল পথেৰেই যাব খোজোঁ  আৰু যোৱা হয় ।  



পঢ়িবলৈ💞
কি দৰে আপুনি নিজকে সলনি কৰি এটা সম্পৰ্ক ভালকৈ গঢ় দিব পাৰিব।



এতিয়া মূল উদ্দেশ্য হ'ল, তোমাৰ / আমাৰ / আপোনাৰ সমস্যাৰ ওপৰত থকা গভীৰ চিন্তা কি দৰে আতৰ কৰিব, যাৰ বাবে তুমি / আমি / আপুনি সৰু - ডাঙৰ যি কোনো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব।

আচলতে আমি কোনো ধৰণৰ বিষয়ৰ ওপৰত ভূলে শুদ্ধই বহুত কথা শুনিবলৈ পাওঁ, তাক লৈ সেই ব্যক্তি / বস্তু / কামটোৰ ওপৰত আমাৰ চিন্তা ধাৰণাও সেই শুনা বা বাহ্যিক ভাবে দেখাৰ দৰেই মগজুত সীমিত কৰি ৰাখি আহো। এইদৰে সকলো ধৰণৰ বিষয়ত আমাৰ চিন্তা, ধাৰণা বোৰ বিভিন্ন ধৰণে গোট খাই থকাৰ বাবে আমি কৰা কামৰ ফলস্বৰূপে সমস্যাৰ চিন্তাই আমাক অশান্তিৰে জীৱনটো তিক্ত ৰসৰ কৰি তুলিছে ।





 আপুনি আপোনাৰ ব্যক্তিগত চিন্তাক আতঁৰাই ৰাখিব চাওঁক আৰু জীৱনৰ যি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও অধৈৰ্য্য নহৈ এজন বিবেচনা পূৰ্ণ ব্যক্তিৰ দৰে এক সঠিক সিদ্ধান্তত তাৰ সমাধানেৰে খোজ দিয়ক । আপুনি যে সমস্যাত পৰিছে , সেই চিন্তা আপুনি সম্পূৰ্ণৰূপে আপোনাৰ মগজুৰ পৰা আঁতৰ কৰি দিয়ক আৰু এটা parmanent solution লৈ সমাধান কৰিবলৈ লওঁক । এই সমাধানত তুমি / আপুনি কোনো ধৰণৰ ঋণাত্মক প্ৰভাৱত নপৰে আৰু জীৱনৰ যি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও আপোনাৰ এনে সমাধানে আপোনাৰ জীৱন সুস্থিৰ আৰু সুখী কৰি তুলিব।


কিন্তু জীৱনৰ ক্ষণস্থায়ী সমাধানৰ পথেৰে খোজ দিবলৈ হ'লে আপোনাৰ জীৱনৰ ব্যক্তিগত চিন্তাৰ লগতে আপুনি কোনো দিনে এক সঠিক সিদ্ধান্তত উপনীত হ'ব নোৱাৰিব আৰু কেৱল সুখৰ সন্ধানত আৰু সমস্যাৰ সমাধান বিচাৰি দিন ৰাতি একাকাৰ হৈ পৰিব । 


মনত ৰাখিব পৃথিৱীত কেৱল তুমি / মই / আপুনি সমস্যাৰ সন্মুখীন হোৱা নাই । প্ৰতি জন মানুহৰ জীৱনত সৰু বৰ বিভিন্ন ধৰণৰ সমস্যা আছে আৰু আহিবই । আমাৰ দৈৰ্ঘ্য, চিন্তা, বিচাৰ বিবেচনাই যি উত্তৰ বিচাৰি পাই, সেই উত্তৰে আমাৰ সমস্যাটোক কঠিন বা সৰল কৰি তুলিব পাৰে । 


আমি বোৰ কোনো ক্ষেত্ৰতেই ১০০ শতাংশ শুদ্ধ নহয় । আৰু বেছি ভাগ ৮০ শতাংশ লোক সাধাৰণ চিন্তা আৰু জীৱনৰ মাজেদি পাৰ হৈ যায় জীৱনৰ শেষ সময়লৈকে।

গতিকে, সমস্যাৰ চিন্তাটো আপোনাৰ জীৱনত গুৰুত্ব দিয়া টো আতৰাই ৰাখি বাস্তৱক প্ৰত্যক্ষ কৰি এক নতুন ব্যতিক্ৰমী জীৱনশৈলী গ্ৰহণ কৰিবলৈ শিকক । Problem হে; কিনো ইমানকৈ চিন্তা কৰিব লাগে, সকলো ঠিক কৰিম দিয়া। এইদৰে নিজকে এটা Positive Vibes ত ৰাখক। আৰু আপোনাৰ সমাধানৰ পথত অগ্ৰসৰ হওঁক ।।


       এই দৰে ভাবিব বা খোজ দিবলৈ হ'লে কি দৰে নিজকে সলনি কৰিব তাৰ বাবে পঢ়িবলৈ...




Previous Post Next Post

Ads

Photo Ads