অগ্নিৰ ডেউকা : দিক নিৰ্ণয়ৰ -Wings of fire in Assamese

অগ্নিৰ ডেউকা : দিক নিৰ্ণয়ৰ -Wings of fire in Assamese

অগ্নিৰ ডেউকা: দিক নিৰ্ণয়



I'm Kk Admin Or Designer Of this Edu. Site. On My Best Our Website Provides Edu. Material like Notes, Paper Solution, Lowe Class Students (KG-HS) Text Book Question Answer, Previous Year Question Paper And Compititive Exam Related Some Topic Are also Available On Our Site.
I Hope Here Available Contents Are Fully Helpful For Your Searching Topics.


ৰামেশ্বৰম্ পূৰ্বৰ মাদ্রাজ, বর্তমান তামিলনাডু ৰাজ্যৰ এখন দ্বীপ নগৰী। ইয়াতেই এটি মধ্যবিত্ত পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ পিতৃদেৱতা জয়নাল আবেদীনৰ কোনো আনুষ্ঠানিক শিক্ষা-দীক্ষা নাছিল—আঢ্যৱন্ত ব্যক্তিও নাছিল তেওঁ। তেওঁ অৱশ্যে বুদ্ধিমান আৰু প্ৰকৃতাৰ্থত, এজন উদারমনা লোক আছিল। মোব মা-আচিয়াম্মা, তেওঁ এগৰাকী আদর্শ ধর্মপত্নী আছিল। তেওঁ নিতৌ কিমান যে মানুহক আপ্যায়িত কৰিছিল মোৰ এতিয়া মনত নাই। কিন্তু এটা কথা মোৰ জলজল পট্পট্‌কৈ মনত আছে যে আমাৰ যৌথ পৰিয়ালটোত যিমানবোৰ মানুহ আছিল, তাতোকৈ বহু বেছি সংখ্যক মানুহে আমাৰ ঘৰত খোৱা-বোৱা কৰিছিল।


সাধাৰণ মানুহে মোৰ মা-দেউতাক আদর্শ দম্পতী জ্ঞান কৰিছিল। মোৰ মাতুল বংশটোৰ সমাজত বেছ মান-মর্যাদা আছিল। সেই বংশৰে এজন লোকক বৃটিছবিলাকে বাহাদুৰ উপাধিৰে সন্মানিত কৰিছিল।


দেখাই-দৰকনে ওখ-ডাঙৰ আৰু সুশ্ৰী মা-দেউতাৰ কেবাটাও ল'ৰা-ছোৱালীৰ মাৰ্জত মই দেখাত তেনেই চুটি-চাপৰ আৰু সাধাৰণ চেহেৰাৰ আছিলো। ঊনবিংশ শতিকাৰ মাজভাগমানতে বনোৱা পৈত্রিক ভিঠাতে আমি বাস কৰিছিলো। ৰামেশ্বৰৰ মছজিদ্‌ গলিত চূণশিল আৰু ইটাৰে বনোৱা আমাৰ এই ঘৰটো বেছ আহল-বহল ডাঙৰ ঘৰ। অনাড়ম্বৰ আৰু নিৰহঙ্কাৰ স্বভাৱৰ মোৰ দেউতাই সততে অনাহক আৰাম আৰু বিলাসিতা বৰ্জন কৰিছিল। কিন্তু ঘৰৰ লাগতিয়াল সামগ্ৰীবোৰ, যেনে— বছদ, দৰৱ-জাতি, কানি-কাপোৰ আদি আমি পৰ্যাপ্ত পৰিমাণে পাইছিলো। আচল কথা ক'বলৈ গ'লে মোৰ শৈশৱ কালটো পাৰ্থিৱ আৰু আবেগিকভাৱে বৰ নিৰাপদ আছিল।


সচৰাচৰ ম‍ই মাৰ লগত পাগঘৰৰ মজিয়াতে বহি লৈ ভোজন কৰিছিলো। মাই মোৰ আগত কলপাত এখন পাৰি দি তাৰ ওপৰত কোৰাচেৰে ভাত, চম্বৰ, ঘৰতে বনোৱা মলমলাই থকা এবিধ মুখত লগা আচাৰ আৰু তাকা নাৰিকলৰ এজেবা চাটনি দিয়ে।


তীর্থযাত্ৰীৰ বাবে স্বৰ্গধাম স্বৰূপ ৰামেশ্বৰমৰ প্ৰসিদ্ধ শিৱ মন্দিৰলৈ আমাৰ ঘৰৰপৰা খোজ কাঢ়ি গ'লে মাত্ৰ দহ মিনিটৰ বাট আমি থকা এলাকাটো মুছলমান বসতিপ্রধান। অবশ্যে তাত কেইঘৰমান হিন্দু মানুহো আছিল। তেওঁলোকে প্রতিবেশী মুছলমান লোকৰ লগত সম্ভাৱ আৰু সম্প্ৰীতিৰে বাস কৰিছিল। আমি থকা এলাকাটোত এটা আওপুৰণি মছজিদ আছিল আৰু প্ৰতিদিনে সন্ধিয়া দেউতাই তাত হোৱা নামাজলৈ মোক লগত লৈ গৈছিল। আৰবী ভাষাতে তাত যি নামাজ পঢ়া হৈছিল তাৰ অণমাত্র অর্থও মই বুজি পোৱা নাছিলো। তথাপিও সেই প্রার্থনাই ভগবানক ঢুকি পাইছিল বুলি মই সম্পূর্ণ পতিয়ন গৈছিলো। নামাজৰ শেষত দেউতা ওলাই অহালৈ বাট চাই তিন তিন ধৰ্মৰ ভিন ভিন লোকে মছজিদৰ বাহিৰতে ৰখি থাকে। তাৰ ভিতৰৰ কিছুমানে পানীৰ বাতি একোটাহঁত দেউতাৰ আগত ধৰে আৰু দেউতাই নিজৰ আঙুলিকেইটা পানীত ডুবাই দি মুখেৰে কিবা মাতে। তাৰ পিছত ভাৰা পানীৰ বাতিবোৰ নৰিয়া মানুহৰ ঘৰে ঘৰে লৈ যায়গৈ। মোৰ আজিও মনত আছে— নৰিয়াপাটিৰ পৰা গা টভাই উঠি মানুহবোৰে দেউতাক ধন্যবাদ জনাবৰ বাবে আমাৰ ঘৰলৈ আহিছিল। আনহাতে দেউতাই মিচিকিয়া হাঁহি একোটা মাৰি কৰুণাময় আল্লাকহে ধন্যবাদ জনাবলৈ মানুহবোৰক কৈছিল।


ৰামেশ্বৰম মন্দিৰৰ প্ৰধান পূজাৰী পক্ষী লক্ষ্মণা শাস্ত্ৰীদেৱ মোৰ পিতাদেউৰ ঘনিষ্ঠ বন্ধু আছিল। মোৰ শৈশৱৰ স্মৃতিবোৰৰ ভিতৰত এই দুজন ব্যক্তিৰ প্ৰতিচ্ছবি মোৰ মানসপটত জলজল পটপট কৰে হৈ আছে। দুয়ো সদায় নিজৰ নিজৰ পৰম্পৰাগত পোছাক পিন্ধি আধ্যাত্মিক আলোচনাত মগ্ন হৈ থাকে। ইটো সিটো সুধিব পৰা বয়স হোৱাত মই এদিন দেউতাক নামাজৰ প্রাসঙ্গিকতা কি সুধিছিলো। তেখেতে কৈছিল যে প্রার্থনাত ৰহস্যজনক তেনে একো নাই। ইয়াৰ জৰিয়তে মানুহৰ অন্তৰত আধ্যাত্মিক চেতনাৰ উদ্ৰেক হয়। তেওঁ কৈছিল, “তুমি যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া তুমি নিজৰ ইতৰ কায়া ত্যাগ কৰি বিশাল ব্ৰহ্মাণ্ডৰ অংশ হৈ পৰা তাত ধন-সম্পত্তি, বয়স, জাতি- ধর্ম বা বৰ্ণৰ বৈষম্য নাথাকে।”


মোৰ দেউতাই জটিল আধ্যাত্মিক কথাবোৰো তামিল ভাষাত পানীৰ দৰে সহজ কৰি বুজাই দিব পাৰিছিল। এবাৰ তেওঁ মোক কৈছিল, “নিজৰ স্থান আৰু কালত তেওঁ এতিয়া ভালে-বেয়াই যি এক সুকীয়া অবস্থাপ্রাপ্ত হৈছে, সেইদৰে প্ৰতিজন মানুহ দৈবশক্তি ৰূপৰ আকৰ অখিল ব্ৰহ্মাণ্ডৰ একো একোটা বিশেষ উপাদান হৈ পৰে। সেইবাবে তুমি আলৈ-আহুকাল, দুখ-দুর্দশা অথবা সমস্যাক কিয় ভয় কৰা? যেতিয়া সঙ্কট বা দুখ-কষ্ট আহে তেতিয়া তাৰ কাৰণ বা প্রাসঙ্গিকতা জনাৰ চেষ্টা কৰিবা। বিলাই-বিপত্তি বা দুখ-দুর্দশাই আমাক সদায় আত্মবিশ্লেষণৰ অৱকাশ দিয়ে।”


মই দেউতাক সোধো—“ তেনেহে লৈ আপোনাৰ ওচৰলৈ সহায় আৰু পৰামৰ্শ বিচাৰি অহা মানুহবোৰক এই কথাটো নকৰা কিয় ?” মোৰ কান্ধত হাত দুখন থৈ তেওঁপোনে পোনে মোৰ দুচকুলৈ চাই থাকিল। তেনেদৰে অলপ সময় তেওঁ তলকা মাৰি খাবিনা- যেন তেওঁ মোৰ বোধশক্তিহে পৰীক্ষা কৰি চাইছে। তাৰ পিছত তেওঁ অনুচ্চ আৰু গম্ভীর স্বৰে মোক এটা উত্তৰ দিলে। দেউতাৰ সেই উত্তৰত মোৰ অন্তৰ এক আচৰিত শক্তি আৰু উৎসাহত পূৰ্ণ হৈ উঠিল।


“মানুহ যেতিয়া অকলশৰীয়া হয় তেতিয়া তেওঁ সঙ্গী বিচৰা আৰম্ভ কৰে এইটো স্বাভাবিক কথা। আলৈ-আহুকালত পৰিলেও মানুহে কাৰোবাৰ সহায় বিচাৰে। যাত্রাপথত হেঙাৰ আহিলে বা উজুটি খালেও পথনিৰ্দেশনাৰ বাবে কাৰোবাক বিচাৰে। বাৰে বাৰে মনোকষ্ট দিয়া ক্রোধ, বাসনা বা আকাঙ্ক্ষাৰ ক্ষেত্ৰত নিজৰ বিশেষ সহায়কাৰী গুলায়। কিয়নো বিপদত পৰি যিবোৰ মানুহ মোৰ ওচৰলৈ আহে, তেওঁলোকৰেই প্ৰাৰ্থনা আৰু নৈবেদ্যৰ দ্বাৰা দানবীয় শক্তিক পৰাভূত কৰা প্ৰচেষ্টাত ম‍ই মাত্ৰ এজন মধ্যস্থতাকাৰীৰ ভূমিকাহে লওঁ। অৱশ্যে এইটো সঠিক পথ নহয় আৰু সেই পন্থা লোৱাটোও অনুচিত।”


মোৰ মনত আছে — পূবে ধলফটি দিয়াৰ আগতেই, চাবি বজাত নামাজ পঢ়াৰ লগে লগে দেউতাৰ দিনটো আৰম্ভ হৈ যায়। নামাজৰ পিছতে তেওঁ আমাৰ ঘৰৰ পৰা চাৰি মাইল দূৰৈত থকা আমাৰ সৰু নাৰিকলৰ বাৰীখনলৈ যায়গৈ। তাৰ পৰা একো ডজনমান নাৰিকল জুটি লৈ কান্ধত তুলি ঘৰলৈ ঘূৰি আহিহে চাহ-জলপান খায়। ষাঠি বছৰ বয়স পর্যন্ত এয়েই আছিল দেউতাৰ বোজনামচা বা দিনলিপি।


নিজৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত মই সমগ্ৰ জীৱন জুৰি দেউতাক অনুসৰণ কৰিবলৈ চেষ্টা কৰি আহিছো। তেওঁ মোৰ বাবে উন্মেষিত কৰা সেই মৌলিক সত্যবোৰক অনুধাৱন কৰাৰ অবিৰত চেষ্টাৰ ফলত মই পতিয়ন গৈছো যে নিশ্চয় এনে এক ঐশ্বৰিক শক্তি আছে যিয়ে আমাক ভ্রম বা ভুল, কষ্ট-বিষাদ, অসফলতা আদিৰ পৰা নিষ্কৃতি দিয়ে আৰু প্ৰকৃত স্থান বা পথৰ সন্ধান দিয়ে। মাত্ৰ এবাৰ আবেগিক আৰু কায়িক বন্ধন ছিন্ন কৰিব পাৰিলে মানুহে স্বাধীনতা, সুখ আৰু মানসিক প্রশান্তিৰ সুষম পথত ভৰি দিব পাৰে।


দেউতাই যেতিয়া ৰামেশ্বৰমৰ পৰা ধনুয়াডিলৈ (চেকাবাইও বোলে) তীর্থযাত্ৰীবোৰক অনা-নিয়া কৰাৰ বাবে কাঠৰ নাও বনোৱা কাম এটাত হাত দিছিল তেতিয়া মোৰ বয়স। মাত্র ছবছৰ। আহমেদ জালালুদ্দিন বোলা স্থানীয় ঠিকাদাৰ এজনৰ লগত দেউতাই সাগৰৰ উপকূলত নৌকা বনোৱা কাম কৰিছিল। পিছলৈ এই আহমেদ জালালুদ্দিনেই মোৰ ভনী জোহৰাক বিয়া কৰাইছিল। কাঠৰ জুই জ্বলাই জাহাজৰ খোল বা বেৰাৰ কাঠবোৰ মিহি কৰি নৌকাৰ আকাৰ দিয়া কামটো মই খুব ভালদৰে নিৰীক্ষণ কৰিছিলো। পিতাই সেই নাৱেৰে ভাল ব্যবসায় কৰিছিল। কিন্তু এদিনাখন ঘণ্টাত শ- মাইল বেগত অহা ধুমুহাই চেকাৰাইৰ বিস্তীৰ্ণ ভূখণ্ডৰ লগতে আমাৰ নাওবোৰ উটুৱাই লৈ গ'ল। 

Related Topic: Job Notifications: www.notunjob.in

সেই ধুমুহাতে পামধনৰ দলংখন ভাঙি পৰি যাত্ৰীভর্তি ৰে'ল এখনো দুৰ্ঘটনাত পতিত হ'ল। তেতিয়ালৈকে ম‍ই সাগৰৰ উর্মিমালাৰ সৌন্দৰ্যহে প্ৰত্যক্ষ কৰিছিলো; কিন্তু আজি সেই সাগৰৰ অদম্য শক্তি আৰু সংহাৰী ৰূপো মোৰ চকুৰ আগত উন্মেষিত হ


বয়সৰ তফাৎ থাকিলেও আহমেদ জালালুদ্দিন মোৰ ঘনিষ্ঠ বন্ধু হৈ পৰিল। তেওঁ মোতকৈ পোন্ধৰ বছৰে ডাঙৰ। তেওঁ মোক আজাদ বুলি মাতিছিল। নিতৌ সন্ধিয়া আমি দুয়ো একেলগে বহুদূৰলৈ খোজকাঢ়ি যাওঁ। মছজিদ গলিয়েদি দীপটোৰ বালুময় উপকূলৰ ফালে ৰাস্তা পোনাই গৈ থাকোতে জালালুদ্দিন আৰু মই আধ্যাত্মিক কথা- বতৰা পাতি যাওঁ। তীর্থযাত্ৰীৰে ঠাহ খাই থকা ৰামেশ্বৰমৰ পৰিৱেশ তেনেকুৱা আলাপৰ বাবে অনুকূল। ৰাস্তাত পোৱা ভগৱান শিৱৰ মন্দিৰ এটাত আমি প্ৰথমবাৰ বৰ্ণ। দূৰ-দূৰান্তৰ পৰা অহা ভক্তগণে যি ভক্তিভাব মনত লৈ মন্দিৰটো প্ৰদক্ষিণ কৰে আমিও তদনুৰূপ কাম কৰোতে কিবা এক অদ্ভুত শক্তিৰ ধাৰা এটি আমাৰ দেহৰ অভ্যস্তৰেদি বৈ অহা যেন লাগে।


ভগৱানৰ বিষয়ে জালালুদ্দিনে কোৱা কথা-বতৰাবোৰ শুনি এনে লাগে তেওঁ যেন ভগৱানৰ সৈতে যুটীয়াকৈ কিবা কাম-কাজহে কৰে। নিজৰ সংশয়বোৰ তেওঁ এনেদৰে ঈশ্বৰৰ আগত উত্থাপন কৰে যেন সেই সংশয়বোৰ দূৰ কৰাৰ বাবে ভগৱান তেওঁৰ নিচেই কাষতে ৰৈ আছেহি। ভেবা লাগি মই জালালুদ্দিনৰ ফালে চাই থাকো। তাৰ পিছত মন্দিৰৰ চৌপাশে জমা হোৱা অগণন ভক্তই সাগৰত স্নান কৰি, মন্ত্ৰ আওৰাই যিজনক আমি নিৰাকাৰ সৰ্বশক্তিমান বুলি ভাবো সেই অদৃশ্যজনক উদ্দেশি ভক্তিভাবে পূজা-অৰ্চনা কৰে। মন্দিৰত কৰা তেনেবোৰ প্ৰাৰ্থনা যলৈকে যিদৰে যায় ঠিক তেনেদৰে মছজিদত কৰা নামাজো সেই একে ঠাইলৈকে যায় এই বিষয়ে মোৰ মনত কোনো সন্দেহ নাছিল। কিন্তু ঈশ্বৰৰ সৈতে জালালুদ্দিনৰ কিবা বিশেষ যোগাযোগ আছিল নেকি তাকে ভাবিহে মই আচৰিত হওঁ। ঘাইকৈ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবেই জালালুদ্দিনৰ নিজৰ বৰ বেছি স্কুলীয়া শিক্ষা নাছিল। বোধকৰো সেইবাবেই তেওঁ মোক পঢ়া-শুনাত সদায় উৎসাহ দিছিল আৰু মোৰ সফলতাত তেওঁ আনন্দত নাচি উঠিছিল। পঢ়া-শুনাৰ পৰা বঞ্চিত হ'লেও মই কোনোদিনেই তেওঁৰ চকুৱে-মুখে অসন্তুষ্টিৰ লেশমানো নেদেখিলো। বৰং জীৱনটোত যিখিনি পাইছে তাকেই প্রশান্তচিত্তে গ্রহণ কৰিছে।


প্রসঙ্গতঃ মই যি সময়ৰ কথা কৈ আছো সেই সময়ত আমাৰ সৰু দ্বীপটোত একমাত্র তেৱেঁই আছিল ইংৰাজী লিখিব পৰা লোক। কাৰোবাৰ দৰকাৰ হ'লে তেৱেঁই চিঠি-পত্র, দরখাস্ত আদি লিখি দিছিল। আমাৰ পৰিয়ালৰে হওক বা ওচৰ-চুবুৰীয়াৰে হওক মোৰ চিনা-জানা লোকৰ ভিতৰত জালালুদ্দিনৰ সমান লেখা-পঢ়া থকা কিংবাবহিগিতৰ সৈতে পৰিচয় থকা লোক দ্বিতীয় এজন নাছিল। জালালুদ্দিনে মোৰ আগত শিক্ষা-দীক্ষা থকা লোক, বিজ্ঞানৰ চমকপ্ৰদ আৱিষ্কাৰ, সমকালীন ভাষা-সাহিত্য আৰু ভেষজ বিজ্ঞানৰ সাফল্য আদিৰ বিষয়ে বিবৰি কৈছিল। একমাত্র তেৱেঁই মোক সঙ্কীর্ণ পৰিবেশৰ পৰা উলিয়াই আনি এখন নতুন জগতৰ সৈতে চিনাকি কৰাই দিছিল।


ল'ৰালিৰ নিঃকিন আর্থিক অবস্থাত কিতাপ কাগজ আমাৰ বাবে মা ন আছিল। অৱশ্যে আমাৰ ওচৰতে এছ টি. আর. মাণিকম নামে এজন প্রাক্তন ক্ৰান্তিকাৰী অথবা উগ্র জাতীয়তাবাদী লোকৰ নিজস্ব পুথিভঁৰালটোৱে আমাৰ সৰু এলেকাটোৰ ছাত্ৰ-ছাত্ৰীখিনিৰ চাহিদা পূৰণ কৰিছিল। তেখেতে মোক যিমান পাৰো সিমান কিতাপ পঢ়ি শেষ কৰিবলৈ উৎসাহ দিছিল। ময়ো কিতাপ আনিবলৈ প্ৰায়েই তেওঁৰ ঘৰ ওলাইছিলোগৈ।


Also Read: Blogger Tips and Theme Customise 



ল'বাকালতে মোৰ জীৱনত আন এজন বাক্তিৰ প্ৰভাৱ পৰিছিল, তেওঁ হ'ল মোৰ খুৰাদেউৰ প্ৰথম ল'ৰা চামচুদ্দিন। গোটেই ৰামেশ্বৰমত একমাত্র তেৱেঁই আছিল খবৰ কাগজ বিলনীয়াৰ খবৰ কাগজবোৰ ৰাতিপুৱাতেই পামবনৰ পৰা ৰে'লেদি ৰামেশ্বৰম আহি পায়। এই নিউজ পেপাৰ এজেন্সি চামচুদ্দিনে অকলে চলাইছিল আৰু তেৱেঁই ৰামেশ্বৰমৰ প্ৰায় এহেজাৰ সংখ্যক শিক্ষিত মানুহৰ খবৰ কাগজ পাঠাভ্যাসৰ চাহিদা পূৰণ কৰিছিল। খবৰ কাগজ মানুহে ঘাইকৈ জাতীয় স্বৰাজ আন্দোলনৰ তাজা খবৰ, জ্যোতিষ সম্বন্ধীয় কথা আৰু সোণ-ৰূপৰ মাদ্ৰাজত প্ৰচলিত বজাৰ দৰ আদি জনাৰ বাবেই কিনিছিল। সার্বজনীন চিন্তাধাৰাৰ এমুঠিমান মানুহেহে হিটলাৰ, মহাত্মা গান্ধী আৰু জিন্নাৰ কথা চৰ্চা কৰিছিল। আনহাতে বেছি ভাগেই পেৰিয়াৰ ই. ভি. ৰামস্বামীৰ নেতৃত্বত বর্ণ হিন্দুৰ বিৰুদ্ধে চলা জোৰদাৰ আন্দোলনৰ কথাকে চৰ্চা কৰিছিল। "দিনমণি' বোলা খবৰ কাগজখনকেই সকলোৱে বিচাৰিছিল। ছপা আখৰ পঢ়াটো মোৰ বাবে তেতিয়া সাধ্যাতীত আছিল কাৰণে চামচুদ্দিনে খবৰ কাগজবোৰ বিলি কৰাৰ আগে আগে তাত ছপা হোৱা ছবিবোৰ চাই চায়েই আনন্দ লাভ কৰিছিলো।


১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ লাগে। তেতিয়া মোৰ বয়স আঠ বছৰ। সেই সময়তে, বজাৰত তেতেলী টেঙাৰ গুটিৰ বজাৰ ভাও হঠাতে বাঢ়ি গৈ জুই-হিৰ দৰে হ'ল। তাৰ কাৰণটো ম‍ই আজিও নুবুজিলো। ময়ো তেতেলীৰ গুটি গোটাই আনি মছজিদ গলিৰ গেলামালৰ দোকান এখনত বেচি দি দিনে এক অনাকৈ আৰ্জন কৰিছিলো। সেই সময়ত মোৰ বাবে এক অন্য বহু বেছি, ৰজাৰ ৰাজকোষৰ ধনৰ দৰে। জালালুদ্দিনে নিতৌ মোক কোৱা যুদ্ধৰ কাহিনীবোৰ পিছত মই দিনমণিৰ শীৰ্ষ বাতৰিবোৰৰ মাজত বিচাৰি চাইছিলো। আমাৰ অঞ্চলটো আওহতীয়া আছিল বাবে মুঠেও যুদ্ধৰ প্ৰভাৱ পৰা নাছিল। কিন্তু অনতিপলমে সন্মিলিত বাহিনীত যোগ দিবলৈ ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ'ল আৰু তাৰ লগে লগে দেশত যেন জৰুৰীকালীন অৱস্থাহে ঘোষিত হ'ল।।





  1. What kind of edu materials are available here?
    Ans: Our Website Provides Educational Material like notes, pdf, Q&A and Some Paid Contents at low price.
  2. Previous Year Q. papers are available or not?
    Ans:Yes, Previous Year Q. Paper under DU & GU are available on our best.
  3. Previous Year Paper Solutions are available?
    Ans:We are sorry for that query. Not at all but Some Paperwork are available. we'll updated all contacts as soon as possible.☺️
It is not a govt. or private company provided site. We are individually provide all our juniors to find out their solution easily and improve their edu journey. if you find any query about our content then please inform us through our contact Page.

*We are sharing these Note/pdf/paper/edu. update /News only for educational purpose and non profit Basis, We don't hold any Rights for the shared this content, files and its proper explanation are available on this blog.

Post a Comment

Previous Post Next Post

Ads

Photo Ads