অগ্নিৰ ডেউকা: দিক নিৰ্ণয় (Wings of Fire)

অগ্নিৰ ডেউকা: দিক নিৰ্ণয় (Wings of Fire)

অগ্নিৰ ডেউকা: Wings of Fire ( দিক নিৰ্ণয়)



I'm Kk Admin Or Designer Of this Edu. Site. On My Best Our Website Provides Edu. Material like Notes, Paper Solution, Lowe Class Students (KG-HS) Text Book Question Answer, Previous Year Question Paper And Compititive Exam Related Some Topic Are also Available On Our Site.
I Hope Here Available Contents Are Fully Helpful For Your Searching Topics.


 তাৰ প্ৰথম ধাক্কাতেই ৰামেশ্বৰৰ্ম ৰেল ষ্টেছনত ৰে'ল ৰখোৱাটো বন্ধ কৰি দিয়া হ'ল। ইয়াৰ ফলত খবৰ কাগজৰ নোৰাবোৰ চলন্ত ৰে'লৰ পৰা ৰামেশ্বৰম আৰু ধনুষ্কোডিৰ মাজত ৰামেশ্বৰৰ্ম ৰোডত দলিয়াই দিয়া হৈছিল। এনে এটা অৱস্থাত দলিয়াই দিয়া খবৰ কাগজৰ নোৰাবোৰ ধৰিবলৈ মানুহ এজন লগা হ'ল। স্বাভাৱিকতে, ময়েই সেই স্থান পূৰ কৰিলো। এইদৰে চামচুদ্দিনে মোক প্রথম প্রথম উপার্জন কৰিবলৈ শিকালে। অৰ্দ্ধ শতিকা পাৰ হোৱাৰ পাছত, আজিও মোৰ সেই প্রথম আৰ্জনৰ কথা ভাবি গৌৰৱ বোধ কৰো।


প্ৰতিটো সন্তানে বিশেষ বিশেষ আর্থিক, সামাজিক আৰু ভাৱনাত্মক পৰিৱেশত কিছুমান বংশগত গুণ লৈ জন্ম গ্ৰহণ কৰে। তাৰ পিছতহে কর্তৃত্বশীল ব্যক্তিবিশেষৰ তত্ত্বৱধানত শিক্ষা-দীক্ষা দিয়া হয়। বংশগতভাৱে মই দেউতাৰ পৰা সাধুতা আৰু আত্মানুশাসনৰ গুণ লাভ কৰিছিলো। মাৰ পৰা লাভ কৰিছিলো দয়া আৰু ভগৱানৰ প্রতি অবিচল ভক্তিৰ ভাব। একেদৰে মোৰ তিনিওজন ভাই আৰু ভনীজনীয়েও এই গুণবোৰ লাভ কৰিছিল। কিন্তু এটা কথা মই ন-দি ক'ব পাৰে৷—জালালুদ্দিন আৰু চামচুদ্দিনৰ সংস্পৰ্শত কটোৱা সময় বিলাকে মোৰ শৈশৱকালটো অনির্বচনীয় ৰূপত সমৃদ্ধ কৰি তোলাত সহায় কৰিছিল আৰু নিশ্চয় সিয়েই মোৰ পৰৱৰ্তী জীৱনটোক এক ব্যতিক্ৰমী ৰূপ দিছিল। জালালুদ্দিন আৰু চামচুদ্দিনৰ অনানুষ্ঠানিক জ্ঞানো সহজবোধ্য আৰু অনুক্ত বিষয়তো উত্তৰদায়ক আছিল গুণে মোৰ পৰৱৰ্তী জীৱনৰ প্রত্যক্ষ সৃষ্টিকর্মসমূহ বহুলাংশে তেওঁলোক দুজনৰ লগত কটোৱা মোৰ শৈশৱকালৰেই ফলশ্রুতি বুলি মই দ্বিধাহীনভাৱে ক'ব পাৰো।


সৰুতে মোৰ তিনিজন ঘনিষ্ঠ বন্ধু আছিল – ৰামানন্দ শাস্ত্রী, অৰবিন্দন আৰু শিৱপ্রকাশন। তেওঁলোক তিনিওজনেই আছিল ৰক্ষণশীল আৰু নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ ল'ৰা। বেলেগ বেলেগ ধৰ্মৰ হ'লেও অথবা ভিন ভিন পৰিৱেশত ডাঙৰ- দীঘল হ'লেও শিশু হিচাবে আমি আমাৰ মাজত কোনো ভেদাভেদ বিচাৰি পোৱা নাছিলো। আচলতে, ৰামানন্দ শাস্ত্ৰী আছিল ৰামেশ্বৰম মন্দিৰৰ ঘাই পূজাৰী পক্ষী লক্ষ্মণা শাস্ত্ৰীৰ পুতেক। পাছলৈ তেৱেঁই ৰামেশ্বৰম মন্দিৰৰ প্ৰধান পূজাৰী হৈছিল। অৰবিন্দন পর্যটক তীর্থযাত্রীবিলাকক অনা-নিয়া যান-বাহনৰ ব্যৱসায়ত নামিল। শিৱ প্রকাশন দক্ষিণ ৰে'লৱেৰ ৰে'লৰ দবাৰ খোৱা খাদ্য যোগোৱা ঠিকাদাৰ হ'ল।


প্ৰতি বছৰে উদযাপিত হোৱা শ্রীসীতা-ৰাম কল্যাণম্ উৎসৱৰ ভিতৰত আমাৰ পৰিয়ালে মন্দিৰৰ পৰা বিবাহ থলিলৈকে ভগৱানৰ মূৰ্তি লৈ যাবলৈ এক বিশেষ ধৰণৰ বেদী থকা নাওৰ ব্যৱস্থা কৰিছিল। এই বিবাহথলি আমাৰ ঘৰৰ ওচৰতে থকা পুখুৰীটোৰ ঠিক মাজত। ইয়াক ৰাম-তীর্থ বোলা হৈছিল। আমাৰ ল'ৰা-ছোৱালীবোৰ শেতেলীত উঠাৰ পৰত মোৰ মা আৰু আইতাই ৰামায়ণৰ কাহিনী আৰু পয়গম্বৰমহম্মদৰ জীৱন-বৃত্তান্ত কৈ শুনাইছিল।


মই ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত পঞ্চমমান শ্ৰেণীত পঢ়ি থাকোতে এদিনাখন আমাৰ শ্ৰেণীলৈ নতুন ওজাদেউ এজন আহিল। মই মূৰত মুছলমান মানুহে পিন্ধা টুলী এটা পিন্ধি আছিলো। মই সদায় প্রথম শাৰীত, গাত লগুণ থকা ৰামনাথ শাস্ত্ৰীৰ কাষতে বহিছিলো। উচ্চ কৰি পুৰোহিত এজনৰ পুতেক এটা মুছলমান ছাত্ৰ এজনৰ গাতে গা লগাই বা কথাটো নতুন ওজাদেউজনে হজম কৰিব নোৱাৰিলে। সমাজত বৰ্তি থকা উচ্চ নীচৰ ভেদাভেদ সম্পৰ্কে তেওঁৰ মনত থকা বদ্ধমূল ধাৰণাৰ ভিত্তিত তেওঁ মোক পিছৰ বেঞ্চলৈ উঠি গৈ বহিবলৈ আদেশ দিলে। এই কথাত মই অন্তৰত বৰ আঘাত পালো। মই ওজাদেউৰ বাক্য মানি পিছৰ বেঞ্চলৈ গৈ বহাত ৰামনাথ শাস্ত্রীয়েও মনত বৰ দুখ পালে আৰু অধোবদনে বহি থাকিল। লাজে অপমানে কান্দো কান্দো হোৱা তেওঁৰ মুখাবয়বে মোৰ অন্তৰত গভীৰ ৰেখাপাত কৰিলে।


বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰাঘৰি গৈ আমি নিজৰ নিজৰ মা-দেউতাক আজিৰ ঘটনাটো ক'লোগৈ। লক্ষ্মণা শাস্ত্রীয়ে সেই ওজাদেউজনক মতাই অনালে আৰু নিষ্পাপ ল'ৰা-ছোৱালীৰ অন্তৰত এনেদৰে সামাজিক বৈষম্য আৰু সাম্প্রদায়িকতাৰ বিষ সুমুৱাই দিয়া উচিত হোৱা নাই বুলি আমাৰ সন্মুখতেই তেওঁক ভর্ৎসনা কৰিলে। তেওঁ অলপ রুক্ষভাবেই ক'লে, – হয় ওজাদেউজনে কৃতকর্মৰ বাবে ক্ষমা মুজিব লাগিব নতুবা বিদ্যালয়ৰ লগতে সেই দ্বীপৰ পৰাও গুচি যাব লাগিব। গুজাদেউজনে অকল খেল প্ৰকাশ কৰাই নহয়; লক্ষ্মণ শাস্ত্রীৰ সামাজিক সচেতনতা আৰু দায়বদ্ধতাই ডেকা ওজাদেউজনৰ অন্তৰো সংশোধিত কৰিলে।


মুঠৰ ওপৰত, ৰামেশ্বৰমৰ সৰু সমাজখন খুব স্তৰীভূত আৰু ভিন ভিন সামাজিক গোষ্ঠীৰ মাজৰ বর্ণবৈষম্য খুব কঠোৰ আছিল। সি যি কি নহওক, আমাৰ বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শিৱ সুব্রহ্মণ্য আয়াৰ এজন কুলীন ব্ৰাহ্মণ আছিল। তেওঁৰ পত্নীও আছিল বৰ গোড়া স্বভাৱৰ হ'লেও তেওঁ গুৰু-গোঁসাই নমনা বিপ্লবী আছিল। সমাজৰ বিভিন্ন বৰ্গৰ লোকে যাতে সহজে মিলামিছা কৰিব পাৰে তাৰ বাবে তেওঁ চিন্তা কৰিছিল আৰু সামাজিক বৈষম্য দূৰ কৰিবলৈ যৎপৰোনান্তি চেষ্টা কৰিছিল। তেওঁ প্রায়ভাগ সময় মোৰ লগতে কটাইছিল। তেওঁ মোক কৈছিল, “কালাম! মই তোমাক এনে সাঁচত গঢ়িব খোজো যাতে তুমি বৰ বৰ চহৰৰ নামজুলা শিক্ষিত মানুহবিলাকৰ লগত সমানে ফেৰ মাৰিব পৰা হৈ উঠা!"


এদিনাখন তেখেতে মোক নিজৰ ঘৰত ভাত খাবলৈ মাতিলে। ধর্মীয় ভাব-ভক্তিৰে পৱিত্ৰ কৰি ৰখা পাগঘৰটোৰ ভিতৰত মুছলমান ল'ৰা এজনক ভাত খাবলৈ মতা দেখি তেখেতৰ পত্নীৰ অন্তৰাত্মা কঁপি উঠিল। তেখেতে মোক পাগঘৰত ভাত দিব নুখুজিলে। শিব ব্রহ্মণ্য আয়াৰ অলপো বিচলিত নহ'ল—ঘৈণীয়েকৰ ওপৰতো বংনকৰিলে। বৰং নিজ হাতে খোৱা খাদ্য পৰিবেশন কৰি তেওঁ মোৰ কাষতে পাবলৈ বহিল। তেখেতৰ ধৰ্মপত্নীয়ে পাগঘৰৰ দৰ্জাৰ আঁৰত ৰৈ থাকি আমালৈ চাই থাকিল। মোৰ ভাত-পানী খোৱা আৰু খোৱা হ'লত মজিয়া সৰা-পোছা কৰা কামত কিবা ব্যাতিক্রম পাইছিল নেকি তাকে ভাবি মই আচৰিত হৈছিলো। পাই-বৈ উঠি বিদায় লোৱাৰ পৰত আয়াৰ মহোদয়ে মোক আকৌ পিছৰ সপ্তাহৰ অন্তিম দিনাখন ৰাতি ভাত খাবলৈ মাতিলে। মই অলপ হেহো-নেহো কৰা দেখি তেখেতে মোক হতাশ হ'বলৈ মানা কৰি ক'লে, “তুমি যদি এই সামাজিক অৱস্থাৰ পৰিবৰ্তন বিচাৰা তেনেহ'লে এনেকুৱা সমস্যাৰ মুখামুখি হ'বই লাগিব।” পিছৰ সপ্তাহত নই তেখেতৰ ঘৰলৈ যাওঁতে তেখেতৰ পত্নীয়ে নিজেই মোক আদৰ সাদৰ কৰি পাগঘৰলৈ মাতি নিলে আৰু তাত বহুৱাই নিজ হাতে খোৱা বস্তু পৰিৱেশন কৰিলে।


ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধৰ অৱসান হৈছিল। ভাৰতৰ স্বাধীনতাও আসন্না। গান্ধীজীয়ে ঘোষণা কৰিলে, “ভাৰতৰ মানুহেই ভাৰতবৰ্ষ নিৰ্মাণ কৰিব।” সমগ্ৰ দেশবাসীৰ প্ৰাণৰ কোঁহে কোহে এক অভূতপূর্ব আশাৰ সঞ্চাৰ হ'ল। মই ৰামেশ্বৰম এৰি জিলাৰ সদৰ ৰামনাথপুৰত পঢ়িবলৈ যাবলৈ পিতাদেউৰ পৰা অনুমতি বিচাৰিলো।


তেওঁ ক্ষস্তেক সময় ভাবি ডাঙৰকৈ ক'লে, “আবুল! জীৱনত উন্নতি কৰিবলৈ হ'লে তুমি অৱশ্যে ঘৰৰ পৰা ওলাই যাবই লাগিব। নিঃসঙ্গ আৰু বাহ নথকা শঙ্খচিল চৰায়ে জানো দেশ-বিদেশ পৰিভ্ৰমি নুফুৰে? নিজৰ অভিপিত ঠাই এখনলৈ যোৱাৰ বাবে নিজৰ ওপজা ঠাইখনৰ মোহ পৰিত্যাগ কৰিব নালাগিব জানো? আমাৰ মৰম- চেনেহ বা প্রয়োজনীয়তা একোৱেই তোমাক বান্ধি ৰাখিব নোৱাৰে। ওচৰতে থকা দ্বিধাগ্ৰস্ত আৰু কন্দনামুৱা হোৱা মাতৃদেৱীক তেওঁ খলিল জিব্রানৰ পটন্তৰ দি কৈছিল, “তোমাৰ সন্তান তোমাৰ নহয়। সিহঁতবোৰ হ'ল জীৱনৰ তীব্ৰ আত্ম-অভীপ্সাৰেই সন্তান! সিহঁত তোমাৰ জৰিয়তে আহে, অথচ তোমাৰ পৰা নাহে। সিহঁতক তুমি তোমাৰ স্নেহ দিব পাৰা, কিন্তু তোমাৰ নিজৰ ভাবনা জাপি দিব নোৱাৰা। কাৰণ সিহঁতৰো নিজস্ব বিচাৰ-বুদ্ধি থাকে।”

Related Topic: Text with Link


তেওঁ আমাৰ চাৰিওটা ককাই-ভাইকে মছজিদলৈ লৈ গৈ পবিত্ৰ কোৰাণৰ পৰা 'অল ক্ষতিহা' মাতি প্ৰাৰ্থনা কৰিলে। ৰামেশ্বৰমৰ ষ্টেশানত ৰে'লত উঠাই দিবলৈ আহোতে পিতাদেউৱে মোক ক'লে, “বাচা! তোমাৰ কায়াটো এই দ্বীপটোত থাকিলেও মনটো ইয়াত থাকিব নোৱাৰে। তোমাৰ মনটো থাকিব ভৱিষ্যতৰ গৰ্ভত। ৰামেশ্বৰমত থকা আমাৰ কোনোৱেই সেই ঠাইলৈ যোৱাৰ কথা সপোনতো ভাবিব নোৱাৰে। বাচা! ভগৱানে তোমাৰ মঙ্গল কৰক! "


মোক ৰামনাথপুৰমৰ শার্টজ হাইস্কুলত নাম লগাই তাত মোৰ থকা-মেলাৰ ব্যৱস্থা কৰি দিবলৈ চামচুদ্দিন আৰু আহমেদ জালালুদ্দিন মোৰ লগত আহিছিল। কিবা কাৰণেনতুন ঠাইখনৰ নতুন পৰিবেশটোৰ লগত ম‍ই নিজকে খাপ খুৱাব পৰা নাছিলো। ৰামনাথপুৰ নগৰখন প্ৰায় পঞ্চাশ হাজাৰমান স্বার্থান্বেষী মানুহে বসতি কৰা উন্নত ঠাই। কিন্তু ৰামেশ্বৰমৰ সংবন্ধতা বা ঐক্য আৰু সমন্বয়ৰ অভাৱ সৰ্বত্ৰ বিৰাজমান। খোজে প্ৰতি মোৰ ঘৰলৈ মনত পৰিছিল আৰু সুযোগ পালেই ৰামেশ্বৰমলৈ দৌৰ মাৰিছিলো। মায়ে বনোৱা 'পলি' বোলা দাক্ষিণাত্যৰ জনপ্ৰিয় মিঠাইবিধৰ টান উলাই কৰিব পৰাকৈ ৰামেশ্বৰমত শিক্ষা-দীক্ষাৰ সা-সুবিধা বেছি নাছিল ৷


Also Read:Text with Link


গৃহ কাতৰতাক নেওচি নতুন পৰিৱেশত নিজক খাপ খুৱাবলৈ ম‍ই বদ্ধপৰিকৰ হ'লো। কাৰণ, মোৰ সাফল্যৰ বাবে দেউতাই মনত বহুত আশা পোষণ কৰিছিল। মই এদিন কালেক্টৰ হৈ উঠা চাব খুজিছিল তেওঁ। দেউতাৰ স্বপ্নক বাস্তৱত ৰূপ দিয়াটো মোৰ দায়িত্ব বুলি ভাবিলো। ইফালে ম‍ই ৰামেশ্বৰমৰ অন্তৰঙ্গতা, সুৰক্ষা আৰু সা-সুবিধাৰ পৰা দুখ লগাকৈ বঞ্চিত হ'লো।


জালালুদ্দিনে প্রায়েই মোক যোগাত্মক চিন্তাৰ ক্ষমতাৰ কথা কৈছিল। ঘৰৰ কথা মনত পৰিলেই বা নিঃসঙ্গ অনুভৱ কৰিলেই ম‍ই তেওঁৰ কথাবোৰ মনত পেলাওঁ। তেওঁৰেই উপদেশ মতে ম‍ই নিজৰ মনৰ ভাবনা আৰু মস্তিষ্কক সুস্থিৰভাৱে ৰাখি নিজৰ ভাগ্যক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিলো। ভাগ্যই মোক ৰামেশ্বৰমলৈ যাব নিদিলে । বৰং শৈশৱৰ স্মৃতি-বিজড়িত ঘৰখনৰ পৰা আৰু বেছি দূৰলৈহে লৈ গ'ল।





  1. What kind of edu materials are available here?
    Ans: Our Website Provides Educational Material like notes, pdf, Q&A and Some Paid Contents at low price.
  2. Previous Year Q. papers are available or not?
    Ans:Yes, Previous Year Q. Paper under DU & GU are available on our best.
  3. Previous Year Paper Solutions are available?
    Ans:We are sorry for that query. Not at all but Some Paperwork are available. we'll updated all contacts as soon as possible.☺️
It is not a govt. or private company provided site. We are individually provide all our juniors to find out their solution easily and improve their edu journey. if you find any query about our content then please inform us through our contact Page.

*We are sharing these Note/pdf/paper/edu. update /News only for educational purpose and non profit Basis, We don't hold any Rights for the shared this content, files and its proper explanation are available on this blog.

Post a Comment

Previous Post Next Post

Ads

Photo Ads