প্ৰাকৃতিক সম্পদ ( Natural Resources)

প্ৰাকৃতিক সম্পদ ( Natural Resources)

Natural Resources



I'm Kk Admin Or Designer Of this Edu. Site. On My Best Our Website Provides Edu. Material like Notes, Paper Solution, Lowe Class Students (KG-HS) Text Book Question Answer, Previous Year Question Paper And Compititive Exam Related Some Topic Are also Available On Our Site.
I Hope Here Available Contents Are Fully Helpful For Your Searching Topics.


প্রকৃতিৰ বুকুত অনেক সামগ্রী সঞ্চিত হৈ আছে। যিবোৰ সামগ্রী মানুহে বিজ্ঞান প্রযুক্তি বা কৌশলৰদ্বাৰা মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৱহাৰৰ উপযোগী কৰি তোলে তেনে সম্পদবোৰকে প্রাকৃতিক সম্পদ বোলে। কোনো এটা বস্তু সম্পদ হ'বলৈ হ'লে ইয়াৰ উপযোগিতা আৰু কার্যকৰণ ক্ষমতা থাকিব লাগিব। মন কৰিবলগীয়া কথা কোনো এটা বস্তুৰ কার্যকৰণ ক্ষমতা নির্ভৰ কবে বস্তুবিধৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত। উদাহৰণস্বৰূপে, কয়লা বা খনিজ তেল আগৰপৰাই পৃথিবীৰ অন্তর্ভাগত আছিল, কিন্তু যেতিয়াৰপৰা মানুহে ইয়াক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলে তেতিয়াৰপৰাহে এই দুইবিধ প্রাকৃতিক বস্তু প্রাকৃতিক সম্পদ হিচাপে পৰিগণিত হ'বলৈ ধৰিলে। একেদৰে খৰস্রোতা নদীৰপৰা জলবিদ্যুৎ উৎপাদন কৰি নদীৰ পানীক গুৰুত্বপূর্ণ প্রাকৃতিক সম্পদত পৰিণত কৰা হৈছে।


সম্পদৰ শ্রেণীবিভাজন (Classification of Resources) :


সাধাৰণভাবে সম্পদক তিনিটা ভাগত ভাগ কৰিব পাৰি-

১। প্রাকৃতিক সম্পদ (Natural Resources)

২। মানবসৃষ্ট সম্পদ (Human made Resources)

৩। মানব সম্পদ (Human Resources)




প্রাকৃতিক সম্পদ:

প্রাকৃতিক সম্পদ বুলিলে প্রকৃতিৰপৰা পোৱা সম্পদসমূহকে বুজা যায়। বায়ু, মাটি, পানী, খনিজ সম্পদ আদি সকলোবোৰ প্রাকৃতিক সম্পদ। ইয়াৰ সৰহখিনিয়েই প্রকৃতিৰপৰা পোনে পোনে ব্যৱহাৰ কৰিব পাৰি। কিছুমান প্রকৃতি প্রদত্ত বস্তুক উন্নত কাৰিকৰী কৌশল আৰু উন্নত সা-সৰঞ্জামব ব্যৱহাৰ কৰি মূল্যবান প্রাকৃতিক সম্পদলৈ পৰিবৰ্তন কৰা হয়। প্রাকৃতিক সম্পদসমূহক আকৌ ব্যৱহাৰ আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি কেইবাভাগত ভাগ কৰিব পাৰি-


১। গঠনৰ ওপৰত ভিত্তি কৰি-

ক) জৈৱিক সম্পদ- উদ্ভিদ, প্রাণী, জীবাশ্ম, ইন্ধন আদি।

খ) অজৈবিক সম্পদ বায়ু, পানী, ধাতু আদি।


Related Topic: Assam Statistics GK & GS



২। ব্যৱহাৰৰ ম্যাদৰ ওপৰত ভিত্তি কৰি-


ক) নবীকৰণযোগ্য সম্পদ- উদ্ভিদ, প্রাণী, সোণ, রূপ আদি।

খ) অনবীকৰণযোগ্য সম্পদ- জীবাশ্ম ইন্ধন।



৩। সম্পদৰ বিতৰণৰ ওপৰত ভিত্তি কৰি-


ক) সর্বব্যাপ্ত সম্পদ- বায়ু, মাটি, সূর্যৰ পোহৰ আদি।

খ) স্থানীয় সম্পদ- লোব আকৰ, পেট্রলিয়াম বা খনিজ তেল আদি।



ওপৰত উল্লিখিত বিভিন্ন প্রাকৃতিক সম্পদসমূহৰ ভিতৰত ইয়াত ভূমি, জল, বন, বন্যপ্রাণী আৰু শক্তিৰ বিষয়েহে আমি আলোচনা কৰিম।



ভূমি সম্পদ: (Land Resources):

ভূমি বা মাটি হৈছে এবিধ অতি গুৰুত্বপূর্ণ প্রাকৃতিক সম্পদ। অতীজৰেপৰাই মানুহে মাটি নিজৰ প্রয়োজনত ব্যৱহাৰ কৰি আহিছে। সমগ্র জীবজগতৰ বাবেই ই অতি প্রয়োজনীয় সম্পদ। মানুহৰ সকলো ধৰণৰ অর্থনৈতিক আৰু সাংস্কৃতিক কার্য-কলাপ, যেনে- কৃষি, পশুপালন, উদ্যোগ, যাতায়াত আদি মাটিৰ ওপৰতেই কৰা হয়। মানুহৰ অন্ন, বস্ত্র, বাসস্থান আৰু ইন্ধন এই সকলোবিলাক মাটিৰ আধাৰতে পোৱা যায়। মানুহৰ লগতে অন্যান্য জীৱ-জন্তুরেও খাদ্য আৰু বাসস্থান মাটিৰপৰাই লাভ কৰে।


পৃথিৱীৰ উপৰিভাগৰ প্রায় ২৯ শতাংশ ঠাই মাটিয়ে আৱৰি আছে। মানুহে এতিয়াও এই মাটিভাগ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাই। মাটিৰ উপৰিভাগৰ প্ৰকৃতি আৰু মাটিৰ ঢাল অনুসৰিহে মানুহে মাটি ব্যৱহাৰ কৰিব পাৰে। জনসংখ্যাৰ হেঁচা আৰু অর্থনৈতিক উন্নয়নৰ প্রয়োজনত মাটিৰ ব্যৱহাৰ দিনে দিনে সলনি হ'বলৈ ধৰিছে।


উল্লেখযোগ্য যে জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰিয়ে পৃথিবীৰ বিভিন্ন ঠাইৰ জনবসতি গঢ়ি উঠিছে। সাধাৰণতে ওখোবা-মোখোৰা শিলাময় ঠাই, পাহাৰৰ থিয় ঢাল, পানী জমা হৈ থকা নিম্নভূমি, মৰু অঞ্চল, মেঝ অঞ্চল, ডাঠ অৰণ্য আদিত জনবসতি নাথাকে বা থাকিলেও অতি সেবেঙা হয়। সমভূমিহে মানুহৰ বসবাসৰ বাবে উত্তম।




ভূমিৰ ব্যৱহাৰ (Use of Land) :

সাধাৰণতে কৃষি, বনানীকৰণ, খনিজ সম্পদ আহৰণ, ঘৰ-দুৱাৰ নিৰ্মাণ, বাস্তা-ঘাট আদি নির্মাণ, উদ্যোগ আদি বিভিন্ন কাৰণত ভূমি ব্যবহৃত হয়। ভূমিৰ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহে ঠাইখনৰ অবস্থান, ভূ-প্রাকৃতিক গঠন, মাটিৰ গুণাগুণ, জলবায়ু, খনিজ সম্পদ আৰু পানীৰ প্রাচুর্যতা আদি বিভিন্ন প্রাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এইক্ষেত্ৰত মানুহৰ কাৰিকৰী কৌশল আৰু জনসংখ্যাও দুটা অন্যতম নির্ণায়ক কাৰক।




Also Read:  Assam Paid GK


বর্তমান পৃথিবীত জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাৰ লগে লগে মাটিৰ চাহিদাও দ্রুত হাৰত বাঢ়িছে। বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ মাটিৰ ওপৰত অতিৰিক্ত হেঁচা দিব লগা হৈছে। মানুহে কৃষিভূমি দখল কৰি ব্যৱসায়-বাণিজ্য, ঘৰ-দুৱাৰ নির্মাণ, উদ্যোগ আদি স্থাপন কৰিবলৈ লৈছে। আনহাতে খাদ্যশস্যৰ বর্ধিত চাহিদা পূৰণ কৰিবলৈ অৰণ্য ধ্বসে কৰি কৃষিভূমিৰ প্ৰসাৰণ ঘটাইছে। কৃষিভূমিৰ প্ৰসাৰণ আৰু নিৰ্মাণ কাৰ্যৰ বাবে ভূমি অবক্ষয় (Land Degradation), ভূমিস্খলন, ভূমি ক্ষয়ীভবন (Land Erosion) মক্ককৰণ আদি নানান ভূমি সমস্যা বৃদ্ধি পাইছে আৰু পৰিৱেশৰ প্রতি ভাবুকি আনিছে।

গ্রামাঞ্চল আৰু নগৰাঞ্চলত ভূমিৰ ব্যৱহাৰ বেলেগ বেলেগ ধৰণৰ হয়। গ্রামাঞ্চলত সৰহ অংশ মাটি কৃষিকার্যত ব্যবহৃত হয়। বাকী অংশ চৰণীয়া পথাৰ, বাসস্থান, বাটপথ আদিৰ বাবে ব্যবহৃত হয়। বর্তমান সময়ত অর্থনৈতিক চাহিদা পূৰণ কৰিবলৈ গ্রামাঞ্চলৰ মানুহে বননি, ঘাঁহনি নিকা কৰি আৰু বিল, পিটনি, জলাশয় আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰিছে। ফলত পৰিৱেশৰ প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয়।

নগৰ অঞ্চলত জনসংখ্যা বেছি হোৱাৰ লগে লগে ভূমিৰ প্রয়োজনো বৃদ্ধি পাই গৈ থাকে। ইয়াত ব্যবসায়-বাণিজ্য, ঘৰ-দুৱাৰ, উদ্যোগ, ৰাস্তা-ঘাট আদিব নিৰ্মাণৰ বাবে কাষৰীয়া কৃষিভূমি, জলাহভূমি বা বন্যভূমিসমূহক ধ্বংস কৰা হয়। ফলস্বৰূপে, ভূমি সম্পদৰ লগত জড়িত নানান সমস্যাৰ সৃষ্টি হৈছে। মানুহে আর্থ-সামাজিক পৰিৱেশৰ লগতে প্রাকৃতিক পৰিৱেশ সুৰক্ষাৰ কথা চিন্তা কৰিহে ভূমিৰ ব্যৱহাৰ কৰা উচিত।






  1. What kind of edu materials are available here?
    Ans: Our Website Provides Educational Material like notes, pdf, Q&A and Some Paid Contents at low price.
  2. Previous Year Q. papers are available or not?
    Ans:Yes, Previous Year Q. Paper under DU & GU are available on our best.
  3. Previous Year Paper Solutions are available?
    Ans:We are sorry for that query. Not at all but Some Paperwork are available. we'll updated all contacts as soon as possible.☺️
It is not a govt. or private company provided site. We are individually provide all our juniors to find out their solution easily and improve their edu journey. if you find any query about our content then please inform us through our contact Page.

*We are sharing these Note/pdf/paper/edu. update /News only for educational purpose and non profit Basis, We don't hold any Rights for the shared this content, files and its proper explanation are available on this blog.
Previous Post Next Post

Ads

Photo Ads