বিহু ৰচনা

বিহু ৰচনা


বিহু আনন্দীয়া               বিহু বিনন্দীয়া
              বিহুৰ মৌ-মিঠা মাত;
বিহুৰ বা-লাগি                বিহ্বা ককাইব ঐ                         দেওধনি লাগিছে গাত।


• আৰম্ভণি :
সৃষ্টিৰ সফলতাত, কৃতকার্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাবি সুললিত, সুশ্রাব্য ভাষাবে, সুকুমার অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি। নৃত্য, গীত সেই সহজাত সুকুমাৰ প্রবৃত্তিৰে মূর্ত প্রকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্রবৃত্তিৰ প্ৰকাশবেই নিদর্শন। আদিম মানবে সভ্যতাব সোপানত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্য-সম্ভাব লাভব, চিকাৰ লাভৰ, কৃষি কাৰ্যৰ কৃতকার্যতাত, শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্রকাশ কৰিছিল-উচ্চ স্ববে, অংগ-চালনাবে। ই আছিল অনুভূতিৰ স্বতঃস্ফূর্ত মূর্ত প্রকাশ। এই প্রকাশ ব্যক্তিকেন্দ্রিক নহৈ সামূহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসবত পরিণত হয়। বিহুৰ উৎপত্তিও সেই সামাজিক তথা সামূহিক আনন্দ প্রকাশবে ফলশ্রুতি।

• বিহুৰ উৎপত্তি:
বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত। বিষুর সংক্রান্তিত বিহু উদ্যাপিত হয় বাবে বিষুব শব্দৰপৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয়। বহু লোকৰ মতে বড়ো ভাষাৰ বৈখ্যু শব্দৰপৰাহে বিহু শব্দৰ উৎপত্তি। বৈদিক বিশ শব্দৰ অৰ্থ প্রজাসমূহ। প্রজাসমূহে পালন কৰা বাবে বিশ শব্দৰপৰা বিশু আৰু বিশুবপবাই বিহু হোৱাটোও আচৰিত নহয়।


• অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ :
বিহু নামৰ উৎপত্তি য'বেপবাই নহওক, বিহু অসমীয়াৰ জাতীয় উৎসব। জাতীয় জীৱনৰ সকলো উচ্ছ্বাস, আশা-আকাংক্ষা, বং-আনন্দ, আবেগ-অনুভূতি বিষৰ লগত ওতপ্রোতভাবে জড়িত। এক কথাত ক'বলৈ হ'লে বিহুবেই অসমীয়া জাতিৰ প্রাণ, অসমীয়া জাতিৰ প্ৰাণৰ প্রতিটো স্পন্দন, প্রতিটো নিশ্বাস-প্রশ্বাস, প্রতিটো অনুভূতি, জীৱনৰ কামনা-বাসনা, আগ্রহ, হেঁপাহ বিখব বুকুতেই চিৰ প্রবাহিত, চিব প্রতিফলিত হৈ আহিছে। বিদ-গীতৰ সুৰে সুবে, ছন্দে ছন্দে, তালে তালে প্রতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সৰলতা, উদাৰতা, আতিথ্যেয়তা আৰু সর্বতোপৰি স্রষ্টার অসীম সৌন্দর্যময় সৃষ্টিৰ প্রতি অনাবিল ভালপোৱাৰ বাংময় প্রকাশ। বিহুৰ লগত অসমীয়া জাতিৰ প্রাণ এনেভাবে সাঙোৰ খাই আছে যে বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা, আনকি সাহিত্যব বৰ মজিয়াখনো উৰুঙা হৈ পৰিব।


• কাতি বিহু:
প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে জন্মকীয়া অসমীৰ বুকুৰ বিহুও প্রাকৃতিক পৰিৱেশৰ লগতেই ওতপ্রোতভাবে বিজড়িত। শৰতৰ সুনির্মল বিন্ বিবৃ বা-ব মৃদু-মধুব পৰশে প্রকৃতিব বুকুৰ মনোবম সেউজীয়া ৰূপেবে বসুন্ধৰাক সেউজীয়া দলিচা সজাই খুপি খুপি ফুলৰ মালাৰে মনোবমা কৰি তোলাৰ সময়তে আহিনৰ সংক্রান্তিত কাতি বিহু হয়। সেউজীয়া শস্যৰে বুকু ওপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া বেঙনি বিবিভাই তোলে এই সময়ছোৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিবে শস্যব শিবত মধুৰ পৰশ বুলাই ধৰাক বিনন্দীয়া কৰি তোলে। অসমীয়া জাতিয়ে তুলসী তলৰ বস্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাব বাট দেখুৱাই দিয়ে। আকাশ-বাতি জ্বলাই লখিমীৰ আগমনৰ পূর্বাভাস জগতক জনাই দিয়ে। এয়াই কাতি বিহুৰ বিশেষত্ব।


মাঘ বিহুঃ
পথাৰৰ সোণ বৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঁঠত শান্তিৰ সার্থকতাব হাঁহি বিবিঙাই তোলে আঘোণ-পুহ মাহত। কৃষিকার্যব কৃতকার্যতাই অসমীয়াৰ মনলৈ পৰম নির্ভৰতা আৰু গভীৰ প্রশান্তি আনি দিয়ে। প্রকৃতিৰ মহান অবদানব স্বীকৃতি জনাই, অনন্ত জনলৈ কৃতজ্ঞতাৰ শবাই আগবঢ়াই গুরু-ভকতলৈ ন ধানৰ এমুঠি জা- জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহব সংক্রান্তিৰ দিনা ভোগালী বিহু উদ্যাপন কৰে। পথাৰে পথাৰে মেজিঘৰ সাজি হোম-যজ্ঞ পাতি হুতাশনরূপী অনন্তজনলৈ শ্রদ্ধা নিবেদন কৰা হয়। এই শ্রদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্রফাকি গোৱা হয় আৰু তাৰ পাছত আহুতি দিয়া হয়

    অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্ব্বেদং হুতাশনং।
    সুবর্ণ-বর্ণমমলং জ্যোতি ৰূপায় তে মনঃ।।

ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়। গুরু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীর্বাদ লোৱা হয়। ম'হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ পাতি, কঁড়ি খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ বং চবোৱা হয়। বিহুৰ খোৱা-বোৱা, বং-ধেমালি, উলহ-মালহ গোটেই মাঘ মাহজুৰি চলে।



ৰঙালী বিহু:
প্রকৃতিৰ বুকুলৈ পৰিৱর্তন আহে। লঠঙা, গছে গছে, লতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে। বসন্তৰ মধুৰ পৰশ লাগি প্রকৃতি ফলে-ফুলে জাতিষ্কাৰ হয়, বিনন্দীয়া হয়। আমে মলিয়ায়, কঁঠালে মুচি পেলায়। কুলি, কেতেকী, মইনা, সখিয়তীব মধুৰ কাকলিয়ে প্রকৃতিৰ বুকুত তোলে ছন্দৰ মূৰ্চ্ছনা, অস্ফুট সংগীতৰ সুৱদি সুবৰ লালিমাই প্রকৃতিৰ বুকুত তোলে মৃদু হিল্লোল।

প্ৰকৃতিৰ সেই বিপুল পয়োভৰৰ সময়তে চ'তৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু। প্রথমদিনা গবৰ বিহু। সেইদিনা গৰুৰ গাত মাহ-হালধি সানি নদীব ঘাটলে।২ গা ধুৱাই গাত লাউ বেঙেনা মাৰি গোৱা হয়:-

"দীঘলতী দীঘল পাত
 মাখি মাৰোঁ জাত জাত 
  লাউ খা, বেঙেনা খা; 
    বছবে বছবে বাঢ়ি যা।
      মাৰ সৰু, বাগেৰ সক 
       তই হ'বি বৰ গৰু।"

Post a Comment

Previous Post Next Post

Ads

Photo Ads