নিয়মানুৱৰ্তিতা ৰচনা

নিয়মানুৱৰ্তিতা ৰচনা


• আৰম্ভণি :

সভ্যতাৰ জখলাত মানৱ আগুৱাই যোৱাৰ লগে লগে যি দিনাৰপৰাই ধর্ম, সমাজ সংগঠন আদিৰ সৃষ্টি হৈছে, সেই দিনাৰপৰাই প্রতি ধৰ্ম, প্রতি সমাজ, প্রতি সংগঠন শৃংখলাবে, পৰিপাটিকে পৰিচালনাৰ কাৰণে নিৰ্দ্ধাবিত কিছুমান নিয়মব সৃষ্টি হৈছে আৰু সেই নিয়মৰ বশৱৰ্তী হৈয়ে সকলো অনুষ্ঠান পৰিচালিত হৈ আহিছে। য'ত নিয়মৰ ধৰা-বন্ধা বন্ধন নাই, তাতেই বিশৃংখলতাৰ অবাধ বাজত্ব আৰু তাত কৃতকার্যতাৰ কোনো স্বীকৃতি নাই। নিয়ম পালন কৰি সময়মতে কার্য সম্পাদন কৰাৰ নামেই নিয়মানুবর্তিতা। এই নিয়মানুবর্তিতাই ব্যক্তিব জীৱনলৈ, জনজীৱনলৈ কৃতকার্যতা আৰু সমৃদ্ধি আনে।

• প্ৰকৃতিৰ নিয়মানুবর্তিতা :

প্ৰকৃতিৰ বুকুৰ প্রতিটি বস্তুৱেই নিয়মৰ বশৱৰ্তী হৈ চলে। সূর্য পূবে উদয় হয়; নিশাৰ আন্ধাৰ দূৰ কবি জগৎ পোহৰ কৰে; পশ্চিমত মাৰ যায়; নিশাৰ আন্ধাৰ নামি আহি জগৎ তমোময় কবে। জোনবায়ে দেখা দি স্নিগ্ধ জ্যোতিৰে জগৎ জ্যোৎস্নাময় কৰি তোলে। বিশ্ব-ব্রহ্মাণ্ডৰ গ্রহ-নক্ষত্ৰবোৰে প্ৰকৃতিৰ নিয়ম, মহাকৰ্ষণৰ নীতি অনুসৰণ কৰি সৃষ্টিৰ আদিম পুৱাৰেপৰা সীমাহীন নীলিমাৰ বুকুত বিচৰণ কৰি আছে; বতাহ বলি আছে আবহমান কালৰেপৰাই একেদবে। নদ-নদী একেগতিবে বৈ আছে নিত্য-নিৰন্তৰ; তৰু-লতিকাই বসন্তত পত্রে-পুষ্পে সুশোভিত হৈ বিকশিত কুসুমৰ মৃদুল সৌৰভেবে চিৰদিন মানুহৰ মনোৰঞ্জন কৰি আহিছে। প্রকৃতিৰ কোনো নিয়মৰে পৰিৱৰ্তন হোৱা নাই বাবেই সৃষ্টি অব্যাহত আছে; কোনোবাদিনা কিবা এটা পৰিৱৰ্তন হ'লেই সৃষ্টিৰ বুকুত মহাপ্রলয় ঘটি সৃষ্টি ধ্বংস হৈ যাব। কিন্তু আমি সুসভ্য, বিবেকযুক্ত মানুহে সময়ৰ মূল্য বুজিবলৈকো চেষ্টা নকৰোঁ আৰু নিয়ম ৰক্ষা কৰি চলিবলৈকো ইচ্ছা নকৰোঁ। নিয়মৰ বশৱৰ্তী হৈ নচলাৰ ফলত মানুহে জীৱনত কেতিয়াবা বিৰাট বিপৰ্যয়ৰ সন্মুখীন হ'বলগা হয়। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে সৰুৰেপৰাই নিয়মানুৱৰ্তিতা অনুশীলন কৰা উচিত।


ঘৰুৱা পৰিৱেশত নিয়মানুবর্তিতা:

নিয়মানুবর্তিতাৰ শিক্ষা শিশুৱে পিতৃ-মাতৃৰ যোগেদি ঘৰতে লাভ কৰিব পাবে। সময় মতে খোৱা, শোৱা, উঠাৰ নিয়ম পিতৃ-মাতৃৰপৰা শিশুৱে ঘৰতে শিকে। এইবোৰ দৈনন্দিন কাম নিয়ম মতে কৰিলে, স্বাস্থ্য বক্ষা কৰাও হয়। সেই ক্ষেত্ৰত ইংৰাজী প্রবচন এফাকি প্রণিধানযোগ্য:

"Early to bed and early to rise, makes a man healthy, wealthy and wise." যি সকল লোক খোৱা- শোৱাত অনিয়মী, তেনে লোক স্বাভাৱিকতে পেটৰ নানা ৰোগত আক্রান্ত হয়। পলমকৈ শোৱাপাটীৰপৰা উঠা লোকে কোনোদিনাই কোনো কামতে সময় ৰক্ষা কৰিব নোৱাৰে। কথাতে কয়: "শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।" গতিকে এই ক্ষেত্ৰত ছাত্র-ছাত্রীৰ খোৱা-শোৱাত যাতে অনিয়ম সংঘটিত নহয় তালৈ পিতৃ-মাতৃয়েও বিশেষভাবে লক্ষ্য কৰা উচিত।



• অনুশীলনৰ সময়:

মানুহৰ জীৱনৰ একো একোটা অধ্যায়, একো একোটা কামৰ বাবে নির্দিষ্ট। শৈশৱ আৰু কৈশোৰ শিক্ষা লাভৰ, যৌৱন কাল কর্মজীৱন আৰু গার্হস্থ্য কর্তব্যত মনোনিৱেশৰ আৰু বৃদ্ধ কাল বিশ্রাম আৰু আধ্যাত্মিক চিন্তা-চৰ্চাৰ সময়। তাৰ বিপৰীতে আমি যদি শিক্ষালাভৰ সময়খিনি অবাবতে বং-ধেমালি কৰিহে কটাওঁ; যৌৱনত শিক্ষা লাভ কৰিবলৈহে চেষ্টা কৰোঁ; বার্দ্ধক্যই যেতিয়া কর্মশক্তি-ৰহিত কৰিব, তেতিয়া জানো জীৱনৰ সুখ-শান্তিৰ বাবে কৰ্ম-জীৱন আৰম্ভ কৰাটো সম্ভৱ হ'ব? গতিকে মানৱ জীৱনৰ যি পৰ্যায়ত, যি বিষয় অনুশীলন কৰাৰ প্ৰয়োজন, তাক সেই পর্যায়ত অনুশীলন কবিলে জীৱনত কোনো দিনাই মানুহে হাবাথুৰি খোৱাৰ প্ৰয়োজন নহয়।



• সৈন্যবাহিনীৰ নিয়মানুবর্তিতা:

নিয়মানুবর্তিতা সৈন্যবাহিনীৰ অলংকাৰ। দেশৰ প্ৰতিৰক্ষা সুৰক্ষিত কৰা, দেশৰ বিপৰ্যয়ৰ সময়ত জনতাৰ শাৰীত সমানে থিয় হোৱা, জনতাৰ কল্যাণত ব্রতী হোৱা তেওঁলোকৰ কৰ্তব্য। দেশ বহিঃশত্ৰৰ দ্বাৰা আক্ৰান্ত হ'লে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিও দেশ ৰক্ষা কৰা, প্রয়োজন হ'লে দেশৰ বাবে আত্মোৎসর্গৰ বাবেও প্রতি মুহূর্ততে সাজু থকা, "কাৰ্যৰ সাধন কিম্বা শৰীৰ পতন”-এয়ে সৈন্য বিভাগৰ মূলনীতি। বিনা বাক্য ব্যয়ে, বিনা প্রতিবাদে আদেশ পালন কৰাটো তেওঁলোকৰ স্বীকৃত নীতি। তাকে নকৰি সৈন্যবাহিনীয়ে যদি প্রতি খোজতে আদেশৰ যুক্তি-যুক্ততাৰ বিচাৰ কৰিবলৈ যায়, সময়ৰ দায়িত্ব সময় মতেই পালন নকৰি বিভাগীয় নীতি উলংঘা কৰে, তেনেহ'লে নিশ্চয় দেশৰ প্ৰতিৰক্ষা বিপন্ন হ'ব; দেশত কোনো লোকৰে নিৰাপত্তা নাথাকিব।


• শাসকসকলৰ নিয়মানুবর্তিতা:
সেইদৰে দেশৰ শাসকসকলে যদি পদে পদে চৰকাৰী ঘোষিত নীতি উলংঘা কৰে, কৰ্মচাৰীসকলে যদি নীতি মতে কাম কৰোঁতে হেমাহি কৰে, সময় মতে কামবোৰ কৰি নাযায়, বিভাগীয় বিষয়াৰ আদেশ আদি পালন নকৰে, তেনেহ'লে দেশৰ শৃংখলা কেতিয়াও ৰ'ব নোৱাৰে, তেনে দেশ বিপন্ন নহৈ নোৱাৰে।

গতিকে শাসকসকলে, বিষয়াসকলে, কর্মচাৰীসকলে নীতি মানি-চলিব লাগিব। তেতিয়াহে দেশে সুস্থিৰভাৱে আঁচনিসমূহ ৰূপায়ণত মনোনিৱেশ কৰি দেশৰ কল্যাণ সাধন কৰিব পাৰিব।



• নিয়মানুৱৰ্তিতা আৰু সময়ানুবর্তিতা :

নিয়মানুবর্তিতাৰ লগত সময়ানুবর্তিতা ওতপ্রোতভাবে জড়িত। নিয়ম মানি চলা মানেই সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱা। ছাত্র-ছাত্রীসকলে নিয়ম মতে অধ্যয়নত ৰত হোৱা মানেই পঢ়িবলগীয়া বিষয়বোৰ সময় মতে পঢ়াটোকে বুজায়। ছাত্র-ছাত্রীয়ে যদি পৰীক্ষাত সময় মতে উপস্থিত হ'ব নোৱাৰে, তেনেহ'লে সকলো প্রশ্নৰে উত্তৰ কৰি শেষ কৰাটোও সম্ভৱ নহয় আৰু সুখ্যাতিবে কৃতকার্যতা লাভ কৰাটোও অসম্ভৱ। তাৰ অৰ্থ এয়ে যে পৰীক্ষাৰ নীতি উলংঘা কৰা মানেই কৃতকাৰ্যতাৰ অন্তৰায়।

সমগ্র ইউৰোপ বিজয়ী নেপোলিয়নৰ সৈন্যবাহিনীয়ে ট্রাফাল্গাৰ যুদ্ধত পাঁচ মিনিট পলমকৈ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱাৰ কাৰণেই ইংলিছ চেনেল জয় কৰিব নোৱাৰি ইংলেণ্ড বিজয়ত বিফল হৈছিল। অকল সেয়ে নহয়, নেপোলিয়নে পৰাজয়ৰ গ্লানি শিৰত লৈও পৰিত্ৰাণ পাব নোৱাৰিলে। ইংৰাজ সেনাপতি নেচনৰ হাতত বন্দী হ'বলগা হ'ল। তদুপৰি পিঞ্জৰাবদ্ধ হৈ সুদূৰ চেণ্ট হেলেনা দ্বীপত তিল্ তিল্কৈ শুকাই মৃত্যুবৰণ কৰিবলগা হৈছিল। নিয়মানুবর্তিতা উলংঘাৰ এনে শোকাৱহ পৰিণতিৰ কাহিনী অনেক আছে।


অসমীয়া মানুহৰ মাজত নিয়মানুবর্তিতাৰ অতিশয় অভাৱ। বহু শিক্ষিত মানুহেও সময় মতে সভা-সমিতিত উপস্থিত হ'ব নোৱাৰে; বহুত সময়ত সভা-সমিতিবোৰ নিৰ্দিষ্ট সময়তকৈ পলমকৈ আৰম্ভ হোৱাৰ বাবে কাৰ্যসূচীৰ অনেক বিষয় অকল যে পিছলৈকে থোৱা হয় এনে নহয়, বহুতো বিষয় কোনো দিনেই আলোচনাৰ ভিতৰলৈ নহাকৈয়ে ৰৈ যায়। অনেক সময়ত কোনো অনুষ্ঠানকে বাতিল কৰি দিবলগা হয়। খেতিয়কে যদি সময় মতে কঠীয়া নাপাৰে, মাটি চাহ নকৰে, সুখেৰে খোৱাৰ আশা কৰিব পাৰে কেনেকৈ? ভাতীত তপতোৱা লোহা ৰঙা হওঁতে নিয়াৰিত কোব দিলেহে দা-কটাৰীয়ে গঢ় ল'ব। চেঁচা পৰাত কোব দিলে শৰীৰেহে কষ্ট পাব। তাকে কৰিব নজনাৰ কাৰণে অসমীয়া জাতি ঘৰতে ভিক্ষাৰী হ'বলগা হৈছে আৰু বিদেশীয়ে আমাৰ সম্মুখতে এই অসমৰ বুকুৰপৰাই সোণ বুটলি নি আঢ্যৱন্ত হৈছে।



• ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইয়াৰ আৱশ্যকতা:

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিয়মানুবর্তিতাৰ প্ৰয়োজন আটাইতকৈ বেছি। সোনকালে শুই উঠিব নোৱাৰিলে ঘৰত কৰি নিবলগীয়া কামখিনি সম্পূৰ্ণকৈ কৰি উঠি সেইদিনাৰ পাঠ্য বিষয়ত মনোনিৱেশ কৰাটো সম্ভৱ নহয়। আন ফালেদি দিনৰ পাঠ দিনে অধ্যয়ন কৰিব নোৱাৰিলে, পাঠৰ সংখ্যা যেতিয়া বাঢ়ি যায়, ফলস্বৰূপে পৰীক্ষা ঘৰত গৈ প্রশ্নকাকত হাতত লৈ চকুৱেদি সৰিয়হ ফুল দেখিব লাগিব। বহুতো ছাত্র-ছাত্রীয়ে আগৰেপৰা নিয়মীয়া অধ্যয়নত ৰত নহৈ পৰীক্ষাৰ সময়ত টোপনি খতি কৰি, কঠোৰ পৰিশ্ৰম কৰি পঢ়ে। তাৰ ফলত স্বাস্থ্যহানি হয়। এনেভাৱে পৰীক্ষাৰ বাবে সাজু হ'বলৈ যাওঁতে খোৱা-বোৱাতো অনিয়মিত হোৱা যায়; ফলত স্বাস্থ্যহানি হয়। এনে ছাত্র-ছাত্রীয়ে জীৱনত উদ্‌গতি লাভ কৰিব নোৱাৰে। ছাত্র-ছাত্রীসকলে এই কথা মনত ৰখা উচিত যে নিয়মানুবর্তিতা উদ্‌গতি লাভৰ প্ৰথম ঢাপ; আলস্য আৰু দীর্ঘসূত্রিতা তাৰ প্রধান শত্রু।

গতিকে অধ্যয়নত, খোৱা-শোৱা, ফুৰা-চকা আদি সকলো ক্ষেত্রতে ছাত্র-ছাত্রীসকলে নিয়মানুবর্তিতা মানি চলা একান্ত কর্তব্য। নিয়মানুবর্তিতা আহৰণ কৰাটোও শিক্ষাৰে এটা অংগ। বৰ্তমান জগতত জীৱনৰ প্ৰতি খোজতে নিয়মানুবর্তিতাৰ প্রয়োজন। ব্যয়ৰ ক্ষেত্ৰতো ই প্রযোজ্য। ফুৰা-চকাতো প্রযোজ্য। মুক্ত আকাশৰ তলত, মুক্ত বায়ুৰ মাজত ফুৰ-চকা কৰিলে স্বাস্থ্য ভাল হয়। সেয়ে নিয়মীয়া হ'ব লাগে; কাৰণ, অনাই-বনাই ঘূৰি ফুৰাকে ফুৰা-চকা নুবুজায়।



• মন্তব্য:

খেল-ধেমালিতো নিয়মীয়া হ'লে স্বাস্থ্য বর্দ্ধন হয়। ইয়াতো নিয়মানুবর্তিতাৰ একান্ত প্রয়োজন। নিয়মীয়া ব্যায়ামে মনলৈ আনন্দও আনে, স্বাস্থ্যও আনে। ফুটবল খেলত নিয়মানুবর্তিতাৰ একান্ত প্রয়োজন। এঘাৰজন খেলুৱৈৰ সকলোটিয়ে পৰস্পৰ বুজা-পৰাৰ মাজত খেলিলে জয়লাভ অনিবার্য। তাকে নকৰি প্রত্যেকেই নিজা নিজাকৈ গ'ল দিবলৈ বিচাৰিলে খেলুৱৈসকলৰ মাজত সংহতিৰ অভাৱ হ'ব; ফলত পৰাজয় নিশ্চিত।

নিয়মানুবর্তিতাই মানুহক কর্তব্যপরায়ণ কৰে। গতিকে ছাত্ৰ জীৱনৰপৰাই নিয়মানুবর্তিতা আহৰণ কৰি ভবিষ্যৎ জীৱন শৃংখলাপূর্ণ, পরিপাটি আৰু সুন্দৰ কৰি গঢ়ি তুলিবলৈ সকলোটিয়ে চেষ্টা কৰা উচিত।

Post a Comment

Previous Post Next Post

Ads

Photo Ads