আৰ্যভট্ট Aryabhatta : A great Mathematician and Astronomer From India

আৰ্যভট্ট Aryabhatta : A great Mathematician and Astronomer From India

Aryabhatta photo
       

 আৰ্যভট্ট এজন প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু জীৱবিজ্ঞানীৰ ভিতৰত এক অন্যতম আছিল। এই মহান গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানী জনৰ জন্ম হয় ৪৭৬ খ্ৰীষ্টাব্দত ( ৫ শতিকা)। ভাৰতীয় বিজ্ঞান আৰু গণিতৰ ইতিহাসৰ আদিম আৰু বিশিষ্ট ব্যক্তি সকলৰ মাজত তেখেতো অন্যতম আছিল। তেখেতৰ বিশিষ্ট অৱদানৰ বিষয়ে তলত আলোচনা কৰা হ'ল:

১/ শূণ্য আৰু সংখ্যাৰ স্থানৰ মূল্যৰ ধাৰণাৰ প্ৰৱৰ্তক বুলি কোৱা হয়। তেখেতেই প্ৰথম সংখ্যাৰ স্থানৰ মূল্যৰ ধাৰণা আগবঢ়াই আৰু শূণ্যৰ আৱিষ্কাৰ কৰিছিল।

২/ তেওঁ গণিতৰ সদ্য ব্যৱহৃত pi (π) ৰ মান প্ৰায় 3.1416 বুলি প্ৰৱৰ্তক কৰে। যিটো তেওঁৰ সময়ৰ বাবে এক অতি সঠিক আনুমানিক আছিল।

৩/ তেখেতৰ দ্বিঘাত সমীকৰণ (Quadratic Equation) ৰ সমাধান পদ্ধতি উদ্ভাৱন কৰি ত্ৰিভুজৰ ক্ষেত্ৰফল আৰু গোলকৰ আয়তন গণনা কৰাৰ উপায় বিচাৰি উলিয়ায়।

৪/ Sine, Cosine ৰ ফলনৰ প্ৰৱৰ্তন আৰু Trigonometry Table ৰ বিকাশকে ধৰি Trigonometric ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য আছিল।

৫/ জ্যোতিৰ্বিজ্ঞানত আৰ্যভট্টে সৌৰজগতৰ সূৰ্যকেন্দ্ৰিক আৰ্হি প্ৰস্তাৱ কৰিছিল, য'ত পৃথিৱীখনে নিজ অক্ষত ঘূৰি থাকে আৰু সূৰ্যৰ চাৰিওফালে ঘুৰি থাকে। তেওঁ গ্ৰহৰ গ্ৰহণ আৰু গ্ৰহৰ গতিৰ সঠিক ব্যাখ্যাও আগবঢ়াইছিল।

৬/ তেখেতে ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰৰ মূল কাৰণ ব্যাখ্যা কৰিছিল। য'ত (অতিভূজ)²= ভূমি² + লম্ব² (For right angle triangle).
আৰু ত্ৰিভুজৰ ক্ষেত্ৰফলৰ সূত্ৰ আগবঢ়ায়: 
Area = 1/2 × base × height.

৭/ আৰ্যভট্টে গোলকৰ আয়তনৰ সূত্ৰ আগবঢ়ায়:
Volume= 4/3πr³

৮/ তেখেতৰ আন কিছুমান গাণিতিক সূত্ৰ হ'ল:
(a+b)² = a² + 2ab + b²

1²+2²+3²+.......+n²= 1/6{n(n+1)(2n+1)}

1³+2³+3³+........+n³= {n(n+1)/2}²

৮/ তেখেতৰ উদ্ভাৱনৰ বিখ্যাত গ্ৰন্থ কেইখন হ'ল: Aryabhatia, Aryastasata, Kalariya and Gola.
তেখেতে "Aryabhatia" গ্ৰন্থত জ্যোতিৰ্বিজ্ঞানৰ তালিকা উল্লেখ কৰা আছে। য'ত তেখেতে i) Gati- Paadika, ii) Ganit- Paadika, iii) Kalkriyapaad আৰু iv) Ga- Paad নামেৰে ৪টা ভাগত ভাগ কৰা আছে।

Post a Comment

Previous Post Next Post

Ads

Photo Ads