ভাষাৰেদি বিজ্ঞান সন্মত সংজ্ঞা দাতি ধবি ইয়াত বৈশিষ্ট্য সমূহ ফহিয়াই দেখুৱা।।
ভাষা শব্দটো সংস্কৃত ভাষ ধাতুৰ পৰা উদ্ভৱ হৈছে।
এই শব্দটোৰ ইংৰাজীপ্রতিশব্দ কৈছে Language। ভাষা হৈছে মানুহৰ ভাব প্ৰকাশৰ মাধ্যম। ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো এটা বাৰ্তা আন এজন ব্যক্তিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয় জন ব্যক্তিয়ে তাক গ্ৰহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে। ভাষা ক'ব পৰা ব্যক্তি কেৱল মানুহৰহে আছে। মানুহৰ চিন্তা ভাৱনাবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাক যন্ত্ৰৰ সহায়ত কিছুমান ধ্বনি উচ্চাৰণ কৰে। এনেদৰে উচ্চাৰিত হোৱা ধ্বনি প্ৰতিকৰ প্ৰণালীবদ্ধ সমষ্টিয়ে যেতিয়া স্বয়ং সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। ভাষাৰ জৰিয়তে মানুহে এজনৰ ভাব আন এজনলৈ প্ৰেৰণ কৰে, মানুহৰ দৈনন্দিন কাম-কাজ চলায়। ভাষাৰ বিভিন্ন কাৰ্যলৈ লক্ষ্য ৰাখি বাক বিজ্ঞানী সকলে নিজা নিজা দৃষ্টি ভংগীৰে ভাষাৰ সূত্ৰ নিৰ্ণয় কৰিছে। সেইবোৰৰ ভিতৰত ড° ভূলোক চন্দ্ৰ গোস্বামীয়ে আগবঢ়োৱা সংজ্ঞাটো তলত উল্লেখ কৰা হ'ল।
"ভাষা মানুহৰ মনৰ ভাব আদান প্ৰদানৰ উদ্দেশ্যে বাঘিন্দ্ৰীয়ই উচ্চাৰণ কৰা সু - সংঘটিত সু - পৰিকল্পিত সংকেত বিশেষ। মানুহৰ মনৰ ভাব আৰু চিন্তাৰে শ্ৰুয়মান প্ৰতিকেই ভাষা।।"
উল্লেখিত সংজ্ঞাটো বিশ্লেষণ কৰিলে দেখা যায় যে ভাষাৰ অন্তৰালত কেতবোৰ বিশেষ বৈশিষ্ট লোকাই আছে।
ভাষাৰ এনেবোৰ বৈশিষ্ট্য সমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল:-
ক) ভাষাৰ সম্পৰ্ক কেৱল মানুহৰ সৈতেহে আছে। মানুহৰ বাক যন্ত্ৰৰ দ্বাৰা ধ্বনিৰ উচ্চাৰণ হয় আৰু এই ধ্বনি সমষ্টিৰ অৰ্থৱশঃ ৰূপেই ভাষা।
খ) ভাষাৰ এটা পদ্ধতি আছে। এই পদ্ধতিত ধ্বনি সংযোগৰ দ্বাৰা ৰূপৰ সৃষ্টি আৰু ৰূপৰ সংযোগত ভাব প্ৰকাশ কৰিব পৰা বাক্যৰ সৃষ্টি।
গ) প্ৰেৰক বা গ্ৰাহকে যি ধ্বনি বা ধ্বনিৰ সমষ্টি উচ্চাৰণ কৰে সেইবোৰৰ লগতে অৰ্থৰ কোনো পোনপটীয়া সম্বন্ধ নাথাকে। এই সম্বন্ধ মানি লোৱা সম্বন্ধহে। অৰ্থাৎ ধ্বনিৰ প্ৰতীক বোৰ যাদৃচ্ছিক ।
ঘ) যাদৃচ্ছিক ধ্বনি প্ৰতীক বোৰৰ সহায়ত মানুহে ভাব বিনিময় কৰি দৈনন্দিন জীৱনৰ কাম-কাজ চলায়।
ঙ) ভাষা আয়ত্ত কৰিব লাগে অৰ্থাৎ ভাষা এক আৰ্জিত সংস্কাৰ। সেয়া হ'লেও মানুহৰ বাক ক্ষমতা জন্মগত।
চ) ভাষাৰ জৰিয়তে এক পুৰষৰ সমাজ বা একোটা ভাষা সম্প্ৰদায়ক কেন্দ্ৰ কৰি ভৰ্তি থাকে। ভাষা কোৱা শক্তি কেৱল মানুহৰ হে আছে। চৰাই বা অন্যান্য জীৱ জন্তুৱে ভাষা ক'ব নোৱাৰে কিন্তু মইনা শালিকা, ভাটৌ, আদি চৰায়ে শিকাই দিলে দুই এটা শব্দ কোৱা দেখা যায়। এইবোৰক ভাষা বুলি ক'ব নোৱাৰি। কাৰণ ইহঁতে শিকাই দিয়া শব্দ কেইটাৰ বাহিৰে আন একে শব্দ বা বাক্য নিজাকৈ প্ৰকাশ কৰিব নোৱাৰে। ই সম্পূৰ্ণ এক পক্ষীয়। ইহঁতৰ লগত পাৰস্পৰিক ভাষাৰ আদান প্ৰদান সম্ভৱ নহয়।।
Tags:
DElEd